ঘৰচীয়া জীৱ-জন্তুৰ লগত থাকি ভালপোৱা এটা গঁড়

ঘৰচীয়া জীৱ-জন্তুৰ লগত থাকি ভালপোৱা এটা গঁড়

ডিজিটেল সংবাদ, কাজিৰঙাঃ বনকৰ্মীয়ে যিমানেই খেদি নপঠিয়াওক কিয় যেনে তেনে সি আহিবই ৷গৰু ,ছাগলী,ঘৰচীয়া ম’হৰ লগত দিনটোত এবাৰ নচৰিলে যেন সি থাকিবই নোৱাৰা হ’ল ! আমি ক’ব বিচাৰিছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ম’হপাৰা গাঁৱত প্ৰায় প্ৰতি দিনে বিচৰণ কৰিবলৈ অহা গঁড়টোৰ কথা ৷

নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়,হাতী,বনৰীয়া ম’হ আদি কাষৰীয়া জনাঞ্চললৈ ওলাই অহাটো নিত্যনৈমিত্তিক কথা ৷ অৱশ্যে পোহৰ হোৱাৰ আগেয়ে সিহঁত পুনৰ সোমাইগৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৷ পাছে এই গঁড়টোৰ পৰাহে বিপাঙত পৰিব লগীয়া হৈছে বনকৰ্মী ৷ আগদিনা খেদি দিলেও পাছদিনা পুনৰ উপস্থিত হয় জনাঞ্চলত ৷

আজিলৈকে কোনো ক্ষয়ক্ষতি নকৰা গঁড়টো আপোনমনে ঘৰচীয়া জীৱ-জন্তুৰ মাজত চৰি থকা দৃশ্য নিশ্চয় মনোমোহা ৷ কিন্তু গঁড়টোৰ লগতে মানুহৰ নিৰাপত্তাৰ বাবে গঁড়টো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ খেদি পথিয়াবলৈ বাধ্য বনকৰ্মী ৷ কাৰণ স্থানীয় লোকৰ লগতে পৰ্যটকৰো আহ-যাহ চলে অঞ্চলটোত ৷ মন কৰিব লগিয়া যে বন্য জন্তুৰ চালচলনত অভিজ্ঞ স্থানীয় লোকে উত্তেজনা সৃষ্টি কৰা পৰিবৰ্তে সদায় সহযোগ আগবঢ়াই আহিছে বনকৰ্মীক।

ঘৰচীয়া জীৱ-জন্তুৰ লগত থাকি ভালপোৱা এটা গঁড়
ননৈ মহাবিদ্যালয়ত 'অৰুণোদয় দিৱস' আৰু 'জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতি দিৱস' পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in