কাৰ জেপত সোমাল বন সুৰক্ষাৰ বাবে আৱণ্টিত ৭০ কোটি টকা…

কাৰ জেপত সোমাল বন সুৰক্ষাৰ বাবে আৱণ্টিত ৭০ কোটি টকা…

author-image
asomiyapratidin
New Update
কাৰ জেপত সোমাল বন সুৰক্ষাৰ বাবে আৱণ্টিত ৭০ কোটি টকা…

ডিজিটেল সংবাদ, বোকাখাত : ৰাজ্যৰ বন বিভাগত পুনৰ বিয়াগোম কেলেংকাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম বন বিভাগক দুৰ্নীতিমুক্ত কৰিবলৈ আহ্বান জনাই কাজিৰঙাত এক সংবাদমেলযোগে আৰ টি আই কৰ্মী দিলীপ নাথে উন্মোচন কৰিছে এক কেলেংকাৰীৰ তথ্য।

Advertisment

আৰ টি আইৰ যোগেদি লাভ কৰা এই তথ্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰি নাথে কয় যে, অসম বন বিভাগৰ পৱন কুমাৰ নামৰ এগৰাকী চৰকাৰী বিষয়াই বিভিন্ন আঁচনিৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিছে। আৰ টি আই কৰ্মী গৰাকীয়ে কাজিৰঙাৰ কহঁৰা চাৰিআলিত আয়োজন কৰা সংবাদ মেলযোগে কয় যে কিছুদিন ধৰি ফ্ৰান্সৰ পৰা আৱণ্টিত ধনেৰে অসমত চলি থকা "Assam Project Forest Bio-diversity Conservation Society" নামৰ প্ৰকল্পটোৰ দ্বাৰা পৱন কুমাৰ নামৰ এগৰাকী চৰকাৰী বিষয়াই আত্মসাৎ কৰিছে বৃহৎ পৰিমানৰ ধন।

ফ্ৰান্সৰ পৰা ধন আৱণ্টিত এই প্ৰকল্পটোৰ দ্বাৰা অসমৰ বনজ সম্পদ সুৰক্ষিত কৰণৰ কাম কৰিব লাগে যদিও এই ধনৰ বহু কোটি টকা এই গৰাকী IFS বিষয়া পৱন কুমাৰৰ পকেটতহে সোমাইছে ৷ আৰ টি আই কৰ্মী গৰাকীয়ে উন্মোচন কৰা তথ্য অনুসৰি বন সুৰক্ষাৰ বাবে ব্যৱহিত হ'বলগীয়া ১৩ লাখটকীয়া বেটাৰী চালিত গাড়ী ২৮ লাখত ক্ৰয় কৰা দেখুৱাইছে এই গৰাকী বিষয়াই।

ইয়াৰ সমান্তৰালকৈ ১১ লাখটকীয়া ট্ৰেক্টৰ ক্ৰয় কৰা দেখুৱাইছে ২২ লাখ টকাত ৷ কেৱল যান-বাহন ক্ৰয় কৰাৰ নামতে এই "Assam Project Forest Bio-diversity Conservation Society" প্ৰকল্পৰ নাম প্ৰায় ৭০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে ৷ উল্লেখযোগ্য প্ৰকল্পটোৰ সঞ্চালক পদত অধিষ্ঠিত এই পৱন কুমাৰৰ নেতৃত্বতে ঠিকাদাৰী চিষ্টেম আৰম্ভ হৈছে অসম বন বিভাগত ৷

প্ৰশ্ন হয় ৰাজ্যখনত সংঘটিত হোৱা দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল হ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই ৭০ কোটি টকীয়া কেলেংকাৰীৰ ক্ষেত্ৰত কি পদক্ষেপ হাতত ল'ব??

assam Assam police himanta biswa sarma