অথলে গ’ল প্রধানমন্ত্রীৰ প্লাষ্টিক মুক্ত ভাৰতৰ সপোন, বন্ধ নহ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

অথলে গ’ল প্রধানমন্ত্রীৰ প্লাষ্টিক মুক্ত ভাৰতৰ সপোন, বন্ধ নহ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

ডিজিটেল সংবাদ, কাজিৰঙাঃ অথলে গ’ল প্রধানমন্ত্রীৰ প্লাষ্টিক মুক্ত ভাৰতৰ সপোন। কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ একাধিক সিদ্ধান্তৰ পিছতো সমগ্র ৰাজ্যত বন্ধ নহ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। নিৰ্দেশনাৰ মাজতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত ওলমি ৰোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

সততে প্লাষ্টিকমুক্ত কাজিৰঙাৰ কথা কোৱা হয় ৷ কিন্তু বাস্তৱক্ষেত্ৰত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলি থকা জাৱৰৰ দমে প্ৰতিজন লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে প্লাষ্টিকমুক্ত নে প্লাষ্টিকযুক্ত কাজিৰঙা? চৰকাৰে বিভিন্নসময়ত প্লাষ্টিকমুক্ত অসমৰ শ্লগান দিয়ে ৷ কিন্তু বাস্তৱক্ষেত্ৰত যদি চোৱা যায় কেৱল শ্লগানতে যেন সীমাবদ্ধ হয় প্লাষ্টিকমুক্ত অসম গঢ়াৰ কথা ৷

উল্লেখ্য যে অসম পৰ্যটনৰ হটস্পট ৰূপে বিবেচিত হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিতে পৰ্যটনৰ এই ভৰপক সময়ছোৱাত প্ৰতিজন দেশী বিদেশী পৰ্যটক আহি প্ৰথমে উপস্থিত হয় আৰু তাৰ পাছতে এক জাৱৰৰ দম তথা কদৰ্যময় পৰিৱেশৰ মাজেৰে তেওলোকে কাজিৰঙা দৰ্শনৰ বাবে আগবাঢ়িছে ৷ সমান্তৰালকৈ জাৱৰৰ দম বা প্লাষ্টিকসমুহ মাত্ৰ এজাক বৰষুণতে কাষতে থকা কহঁৰা নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ৷

যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বাবে অতি ভয়াবহ হৈ পৰে ৷ কিয়নো প্লাষ্টিক বা প্ৰদুষিত পানী সেৱন কৰিবলগীয়া হয় কাজিৰঙাৰ জীৱকুলে ৷ আনহাতে জাৱৰৰ দমৰ সন্মুখেদিয়েই কাজিৰঙা পৰ্যটনৰ মুখ্য কাৰ্যালয়,আৰক্ষী অতিথিশালা,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ বিভাগীয় বৰমুৰিয়া সকল অহা যোৱা কৰাৰ পাছতো এক প্ৰকাৰ সকলোৱে নীৰৱ ভুমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in