৩ লক্ষাধিক পৰ্যটকৰ আগমণেৰে অভিলেখৰ সৃষ্টি কৰি অন্ত পৰিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ

৩ লক্ষাধিক পৰ্যটকৰ আগমণেৰে অভিলেখৰ সৃষ্টি কৰি অন্ত পৰিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ

ডিজিটেল সংবাদ, কাজিৰঙা : ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰি অন্ত পৰিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৩ লাখ ৬ হাজাৰ ৮৭০ গৰাকী ভাৰতীয় আৰু ১০ হাজাৰ ৭৬৮ গৰাকী বিদেশী পৰ্যটকে ৷

এক সংবাদ মেল যোগে এই তথ্য সদৰি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷ পৰ্যটন বৰ্ষটোত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৭ কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকা ৷ তুলনামূলক ভাৱে ২০২১-২২ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা ৷ বিগত পৰ্যটন বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৯ হাজাৰ বৃদ্ধি হৈছে বুলি সঞ্চালক গৰাকীয়ে মন্তব্য কৰে ৷ লগতে সঞ্চালক শৰ্মাই মন্তব্য কৰে যে কেৱল চৰকাৰৰ ৰাজহ সংগ্ৰহতেই কাজিৰঙাৰ পৰ্যটন সীমাবদ্ধ নহয় ৷ কিয়নো পৰ্যটন ক্ষেত্ৰ খনত জড়িত পৰিবহন, ৰিজৰ্টকে আদি কৰি আনুসাংগিক সকলো দিশতে লাভাম্বিত হৈছে ২০২২-২৩ পৰ্যটন বৰ্ষত ৷

যিহেতু চৰকাৰে পৰ্যটনক উদ্যোগ হিচাবে ইতিমধ্যে ঘোষনা কৰিছে ৷ গতিকে কাজিৰঙাৰ পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে কিছু নতুন পৰিকল্পনা গ্ৰহন কৰাৰ প্ৰয়োজনীয়তা আছে। কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতাক সুৰক্ষা প্ৰদান কৰি বাৰিষাৰ সময়চোৱাত ৰ’পৱেৰ ব্যৱস্থা কৰাৰ লগতে কাজিৰঙাৰ পৰ্যটনক ১২ মাহ চলাই ৰাখিব পৰাকৈ তৃণভূমি সংৰক্ষণৰ লগতে ফুল বা ভিন্ন প্ৰজাতিৰ আলংকাৰিক বা ঔষধি গুণ সম্পন্ন গছ গছনিকলৈ সুকীয়া পৰ্যটন গঢ় দিব পৰা অৱকাশ থাকে ।

বিগত বৰ্ষৰ ২৬ ছেপ্তেম্বৰত আৰম্ভ হোৱা কাজিৰঙা ২০২২-২৩ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰপতিকে আদি কৰি বহু সংখ্যক গণ্য মাণ্য লোকে কাজিৰঙা দৰ্শন কৰাতো কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে শুভ লক্ষন বুলি মন্তব্য কৰি সঞ্চালক গৰাকীয়ে উল্লেখ কৰে যে পৰ্যটন বৰ্ষটোত কাজিৰঙাৰ গঁড়,হাতী ,হৰিণা,ম’হ আদি বন্যজন্তু পৰ্যটকে প্ৰত্যক্ষ কৰি অভিভূত পৰ্যটকৰ আন এক বিশেষ সফলতা আছিল বাঘ প্ৰত্যক্ষ কৰা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in