কাজিৰঙালৈ যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ, অন্যথা যাব লাগিব পাৰে জেললৈ...

সাৱধান! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাঁওতে এতিয়াৰে পৰা অধিক সতৰ্ক হওক আপুনি অন্যথা বিপদত পৰাৰ সম্ভাৱনাই অধিক

author-image
Asomiya Pratidin
New Update
কাজিৰঙালৈ যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ, অন্যথা যাব লাগিব পাৰে জেললৈ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ সাৱধান! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাঁওতে এতিয়াৰে পৰা অধিক সতৰ্ক হওক আপুনি অন্যথা বিপদত পৰাৰ সম্ভাৱনাই অধিক। যাব লাগিব পাৰে জেললৈ।

Advertisment

কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত ঘন্টাত সৰ্বাধিক ৪০ কি. মি তকৈ অধিক বেগত গাড়ী চলাই বন্যপ্ৰাণীক আহত বা নিহত কৰা বাহনৰ চালকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৰুজু হ'ব গোচৰ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা অনুসৰি পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত বন্যপ্ৰাণী আহত বা নিহত হ'লে কেৱল ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণৰ বিধি অনুযায়ী ৫০০০ টকা জৰিমণাৰ ব্যৱস্থা আছিল।

কিন্তু এতিয়া কাজিৰঙাৰ এনিমেল কৰিডৰত তীব্ৰবেগী বাহনৰ খুন্দাত বন্যপ্ৰাণী আহত বা নিহত হ'লে সেইয়া অপৰাধ হিচাপে গণ্য কৰা হ'ব।বন্যপ্ৰাণী আইনৰ মতে বন্যপ্ৰাণী নিধন কৰিলে যি ধাৰা অনুযায়ী গোচৰ ৰুজু কৰা হয় অনুৰূপ ধাৰাতেই গাড়ীৰ চালকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ।কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।

Also Read: কাজিৰঙাত সম্পন্ন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

kaziranga national park