মেটেকা ফুলৰ দলিচাত বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ

মেটেকা ফুলৰ দলিচাত বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ

ডিজিটেল সংবাদ, কাজিৰঙাঃ মেটেকা ফুলৰ দলিচাত বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ ৷পানী মেটেকাৰ মনোৰম সৌন্দৰ্যই অধিক সুন্দৰ কৰিছে কাজিৰঙাক৷ আশা কৰা মতে বানপানী নোহোৱাৰ বাবে মেটেকা ফুলবোৰে অনন্য ৰূপ দিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।

এক কথাত মেটেকা ফুলৰ দলিচা সদৃশ পৰিৱেশটো পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ইয়ে এতিয়া শোভা বৰ্ধন কৰিছে কাজিৰঙাৰ। দলিচা সদৃশ পৰিবেশত বন্যজন্তুৰ বিচৰণ দেখি আপ্লুত হৈ পৰিছে দেশ বিদেশৰ পৰ্যটকসকল ৷

মেটেকাৰ মাজত বিচৰণ কৰা গঁড় হাতী ম’হ হৰিণাই ৰূপত ৰহন চৰাইছে কাজিৰঙাৰ জলাশয়ত৷ আন কথাত ক’বলৈ হ’লে তৃণভোজী বন্যজন্তু বোৰেও প্ৰিয় খাদ্যৰ বাবে বিচৰণ কৰিছে মেটেকাৰ মাজত ৷

অৱশ্যে মেটেকাই জলাশয় সমূহৰ সুন্দৰতা বৃদ্ধি কৰিলেও অতিমাত্ৰা মেটেকাই বিপদ আনিব পাৰে কাজিৰঙাৰ ৷ কাৰণ জলাশয়ত অতিৰিক্ত মেটেকাৰ আৱৰণে সৃষ্টি কৰিব প্ৰদূষণৰ ৷ আৱৰ্জনা সদৃশ হৈ পৰা মেটেকাৰ বাবে মৃত্যুৰ সম্ভাৱনা থাকে জলজ প্ৰাণীবোৰৰ । এইক্ষেত্ৰত মেটকা নিৰ্মূলৰ বাবে প্ৰয়োজনীয়তা থাকে বানৰ ৷

বান অবিহনে আৱৰ্জনা মুক্ত নহয় ৰাষ্ট্ৰীয় উদ্যান খন ৷সেয়েহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰয়োজনীয়তা অপৰিসীম।

মেটেকা ফুলৰ দলিচাত বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ
লাখ লাখ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ SI মোবাৰক আলী আৰু সাংবাদিক টফিকউদ্দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in