কাজিৰঙাত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

কাজিৰঙাত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

author-image
asomiyapratidin
New Update
কাজিৰঙাত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ডিজিটেল সংবাদ,বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাবে লক্ষাধিক টকাৰ কাঠ কঢ়িয়াই নি থকা অৱস্থাত এখন ট্রাক শুকুৰবাৰে জব্দ কৰিবলৈ সক্ষম হয়।

Advertisment

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙ্গীয়াই জানিবলৈ দিয়া মতে কাজিৰঙাৰ এটা বনকৰ্মীৰ দলে টহল দি থকা অৱস্থাত গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্ত বাগৰিত এ এচ ০২ ২ ৩৯২৭ নম্বৰৰ এখন টাকত নগাওঁ দিশে অবৈধভাৱে কাঠ (ফান্টা) কঢ়িয়াই নি থকাৰ সময়তে বনকর্মীয়ে অভিযান চলাওঁতে ট্ৰাকখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে ট্রাকখনৰ সৈতে কাঠখিনি জব্দ কৰে। বিভাগীয় সূত্রে জানিব পৰা মতে ট্ৰাকখনত মূল্যবান ১৮ টুকুৰা কাঠ (ফান্টা) আছিল। জব্দ কৰা কাঠখিনিৰ মূল্য লক্ষাধিক টকা বুলি জানিবলৈ দিছে। এই কাঠখিনি কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ দিশৰ পৰা অনা হৈছিল বুলি বন বিষয়াই সন্দেহ কৰিছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এনে ধৰণৰ অবৈধভাৱে কঢ়িয়াই অনা বহু লক্ষাধিক টকাৰ কাঠসহ কেইবাখনো ট্রাক জব্দ কৰিছিল। এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ উপৰি চৰকাৰী ভাৱে ৰোপণ কৰি নিৰ্মাণ কৰা বাগিছাৰ পৰা চেগুণ, গমাৰী আদি মূল্যবান গছ ফালি কাৰ্বি আংলং বন বিভাগৰ দুৰ্বলতাৰ সুবিধা লৈ প্ৰকৃতি ধ্বংসকাৰী লোকে অবাধ গতিত কেঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।

ৰাজ্যখনৰ ভিতৰত কাজিৰঙা- কাৰ্বি আংলং এক প্ৰধান হস্তী প্রকল্প হিচাপে চিহ্নিত হৈ আহিছে। ইয়াৰ উপৰিও কাৰ্বি পাহাৰৰ অবিহনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ভবিষ্যত অন্ধকাৰ। ব্ৰহ্মপুত্ৰই কাজিৰঙাত বানপানীৰ সৃষ্টি কৰিলে বন্যপ্ৰাণীৰ নিৰাপদ ঠাইৰ লগতে খাদ্য আৰু বিচৰণৰ একমাত্র স্থান কাৰ্বি পাহাৰ। এই কাৰ্বি পাহাৰ কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক হাইলেণ্ড বুলিও প্রাণী বিশেষজ্ঞই মত প্ৰকাশ কৰাৰ সময়ত কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা বন বিভাগে বন আৰু বন্যপ্রাণী সুৰক্ষা দিয়াত বিফল হৈছে বুলি প্রকৃতিপ্রেমীয়ে মত প্ৰকাশ কৰিছে।

বর্তমান কাৰ্বি পাহাৰত কোনো নিৰাপত্তা নোহোৱা হৈ পৰিছে। বন বিভাগ এটা থকা স্বত্বেও কাৰ্বি পাহাৰত অবাধ গতিত এচাম লোকে বনাঞ্চল ধ্বংস কৰি কাঠ, খৰি কটাৰ উপৰিও বন্যপ্রাণী নিধন কৰি আহিছে। উল্লেখ্য যে কেইদিনমান পূর্বে জিলাখনৰ ডলামৰা বনাঞ্চলৰ অধীনত বাগৰি এলেকাত দুষ্কৃতিকাৰীয়ে এটা হাতী নিধন কৰি ভক্ষণ কৰিছিল।

জিলাখনৰ বন বিভাগে আজিলৈকে কোনো এটা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাটো অতি দুর্ভাগ্যজনক বুলি প্রকৃতিপ্রেমীয়ে আক্ষেপেৰে মত প্ৰকাশ কৰিছে। এক কথাত ক'বলৈ গলে বর্তমান কাৰ্বি পাহাৰ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদে কোনো গুৰুত্ব প্ৰদান নকৰাত একপ্ৰকাৰ দুষ্কৃতিকাৰীৰ মুক্ত কন আৰু বন্যপ্রাণী ধ্বংসৰ স্থানলৈ ৰূপান্তৰ হৈ পৰিছে।

assam kaziranga