কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১ কোটি ১২ লাখ ৬০ হাজাৰ টকাৰ অপব্যৱহাৰ...

বন বিভাগে খৰচ কৰিলে টাইগাৰ কনজাৰভেচন ফাউণ্ডেচন ফাণ্ডৰ এক কোটি বাৰ লাখ ষাঠি হাজাৰ টকা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১ কোটি ১২ লাখ ৬০ হাজাৰ টকাৰ অপব্যৱহাৰ...

ডিজিটেল সংবাদ, কাজিৰঙা: সময়ে সময়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু কথাই বিতৰ্কৰ সৃষ্টি কৰে। কেতিয়াবা যদি জীৱ হত্যাৰ বিষয়, কেতিয়াবা আকৌ স্থান পাই বন ধ্বংস যজ্ঞৰ খবৰে। পিছে এইবাৰ উদ্যানখনৰ ধন অপব্যৱহাৰ কৰাৰ কথাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমনৰ সময়ত বন বিভাগে খৰচ কৰিলে টাইগাৰ কনজাৰভেচন ফাউণ্ডেচন ফাণ্ডৰ ১ কোটি ১২ লাখ ৬০ হাজাৰ টকা ৷ আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীৰ তথ্যৰ ভিত্তিত এই কথা পোহৰলৈ অহাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷

এই সন্দৰ্ভত উত্থাপন হোৱা অভিযোগ মতে, পৰ্যটনৰ লগতে অন্যান্য উৎসৰ পৰা আহৰণ হোৱা টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ ফান্দ ভি আই পি, ভি ভি আই পিৰ নামত খৰচ কৰিব নোৱাৰে ৷ আৰু ইয়াৰ বিপৰীতে বন বিভাগে টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ ধন ৰাষ্ট্ৰপতি ভ্ৰমনৰ খৰচত অপব্যৱহাৰ কৰিলে ৷

অভিযোগ মতে বিসংগতি পূৰ্ণ খৰচৰ বিভিন্ন শিতান সমূহো সন্দেহৰ আৱৰ্তত ৷ কেৱল খাদ্যৰ নামত খৰচৰ হিচাপ ১৫ লাখ ৬ হাজাৰ ৪৬৩ টকা। আনহাতে গামোচা, পাটৰ কাপোৰত খৰচ ২ লাখ ৫৬ হাজাৰ ৪০০ টকা, আকৌ পাকঘৰৰ সামগ্ৰী ক্ৰয়ৰ শিতানত ৫৬ হাজাৰ ৫৫০ টকা।

এই ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধনৰ পাটৰ কাপোৰ ক্ৰয় কৰাৰ সত্যাসত্যতাৰ ওপৰত উত্থাপন হৈছে প্ৰশ্নৰ ৷ এইদৰে বিভিন্ন শিতানত কৰা খৰচৰ হিচাপ বিসংগতি পূৰ্ণ বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ৷ তদুপৰি বোকাখাতৰ কৈলাস পাটোৱাৰী নাম এজন ঠিকাদাৰৰ লগত বন বিভাগৰ গোপন বুজাবুজিৰ অভিযোগো উত্থাপন হৈছে।

টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ ধন অপব্যৱহাৰ কৰি ৰাষ্ট্ৰপতি ভ্ৰমনত খৰচ কৰা বিষয়টো সহজ ভাবে লোৱা নাই সচেতন মহলে ৷ এই ক্ষেত্ৰত খৰচ কৰা টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ ধন পুনৰ জমা দিবলৈ চৰকাৰক দাবী সচেতন মহলৰ ৷ অৱশ্যে খৰচ হোৱা ধন চৰকাৰে পুনৰ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচন ফাণ্ডত জমা কৰিব বুলি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১ কোটি ১২ লাখ ৬০ হাজাৰ টকাৰ অপব্যৱহাৰ...
এইবাৰ কাজিৰঙাৰ পাহাৰত বন ধ্বংস যজ্ঞ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in