/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8dadd333-8612-49ea-a69c-47e33489847d/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেলসংবাদ, কাজিৰঙাঃ এক উৎসৱমুখৰ পৰিৱেশত সহস্ৰাধিক লোকৰ উপস্থিতিত শুকুৰবাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস-২০২৩৷ গঁড়ৰ সুৰক্ষাৰ সংকল্পৰে পুৱা কাউণ্ট্ৰি মাৰাথন আৰু চাইকেল ৰেলীৰে আৰম্ভ হয় গঁড় দিৱসৰ কাৰ্যসূচী ৷ কাজিৰঙাৰ বনবিভাগ আৰু ইণ্ডিয়ান অইলৰ যৌথ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধি, কাজিৰঙা অধ্যয়ন চক্ৰ, আৰণ্যক, কাজিৰঙা ৱাইল্ড লাইফ চ’চাইটী, ভূমি, দ্য কৰবেট ফাউণ্ডেচন আদি সংগঠনৰ সহযোগত আয়োজন কৰা হয় দিৱসটি ৷
ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এলেকাত 'ৰাণ ফৰ ৰাইন’ শীৰ্ষক গ্ৰাম্য মাৰাথন দৌৰ আৰু ৰাইড ফ’ৰ ৰাইন’ শীৰ্ষক চাইকেল ৰেলীৰে গঁড় দিৱস উদযাপনৰ মাজেৰে জনগণৰ মাজত সজাগতা সৃষ্টি কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বিভাগীয় অংশগ্ৰহণকাৰীৰ সহযোগেৰে চাইকেল ৰেলী আৰু গ্ৰাম্য মাৰাথন সজাগতা দৌৰ অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে গঁড়ৰ সুৰক্ষাৰ হেতু বিশ্ব প্ৰকৃতি নিধিয়ে ২০১০ বৰ্ষত প্ৰথমবাৰৰ বাবে গঁড় দিৱস অনুষ্ঠিত কৰাৰ পাছতেই প্ৰতি বছৰে ২২ ছেপ্টম্বৰৰ দিনটোত ধুমধামেৰে বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b1590fcb-bf4c-4dd4-a87f-dc96f88d6eb1/2e47ad9f_6a79_47b6_8e37_633f98e8c4c1.jpg)
বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ পাঁচোটা প্ৰজাতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ প্ৰকৃত উদ্দেশ্যতে শুকুৰবাৰৰ দিনটোত গঁড় দিৱস উদযাপন কৰি গঁড় সুৰক্ষাৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে৷ সম্প্ৰতি বিশ্বত থকা গঁড়ৰ পাঁচটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ দুটা খৰ্গযুক্ত ক'লা গঁড়, আফ্ৰিকা মহাদেশৰ বগা গঁড়, সুমাত্ৰাৰ দুটা খৰ্গযুক্ত গঁড়, জাভাৰ এটা খৰ্গ থকা গঁড় আৰু ভাৰতৰ এটা খৰ্গ থকা গঁড়ৰ সুৰক্ষা কৰাৰ উদ্দেশ্যত চলিত বৰ্ষত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয় ৷ ইপিনে পুৱাতে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বচাগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ পৰা গ্ৰাম্য পথেৰে ম'হপৰা গাঁও হৈ কঁহৰালৈকে মুঠ প্ৰায় ৮ কিলোমিটাৰ দৈঘ্যৰ 'ৰাণ ফ'ৰ ৰাইন' শীৰ্ষক ক্ৰচ ক্ৰাউণ্ট্ৰি মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৰিস্মিতা দিহিঙীয়াৰ উপস্থিতিত অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে এই মাৰাথনৰ মহিলাৰ প্ৰতিযোগিতা, বিশিষ্ট সমাজকৰ্মী দেৱ প্ৰদীপ বৰা আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ নয়নমণি শইকীয়াই পুৰুষৰ দৌৰ আৰু ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ মানৱ সম্পদৰ মুখ্য প্ৰৱন্ধক হিতজিৎ ভট্টচাৰ্য্যই বিভাগীয় দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৷ প্ৰায় ৮ কিলোমিটাৰ এই মাৰাথন প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৪৩৪গৰাকী পুৰুষ আৰু ১১৯গৰাকী মহিলা প্ৰতিযোগীকলৈ মুঠ ৫৫৩গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷ মাৰাথন প্ৰতিযোগিতাত বিভাগীয় অংশগ্ৰহণকাৰীৰ লগতে কাজিৰঙাৰ ডি এফ অ' অৰুণ বিঘ্নেশ, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' খৰ্গেশ পেগু, সহকাৰী বন সংৰক্ষকৰ উপৰিও বনাঞ্চলিক বিষয়াসকলেও অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b5d2de71-6428-415c-b855-897afa882cb9/95f85a7d_b5eb_49c0_bf2b_2067d74f08f7.jpg)
এই প্ৰতিযোগিতাত কাৰিকৰী দিশত বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ এচ'চিয়েচনে সহযোগ কৰে ৷ একেদৰে পুৱাতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ পৰা কঁহৰা বনাঞ্চললৈকে ৰাইড ফ'ৰ ৰাইন' শীৰ্ষক চাইকেল ৰেলী অনুষ্ঠিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে গঁড় দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শুভেচ্ছামূলক বক্তৃতা, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই গঁড় সুৰক্ষাৰ শ্ল’গান দিয়াৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেদৰ মৃদুস্মিতা গগৈয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰে চাইকেল ৰেলী ৷ প্ৰায় ১২ কিলোমিটাৰজোৰা এই চাইকেল ৰেলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১২৭ গৰাকী পুৰুষ আৰু ২০ মহিলাকলৈ মুঠ ১৪৭ গৰাকী পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ৷ চাইকেল ৰেলীত কাজিৰঙাৰ সঞ্চালক ড৹ সোণালী ঘোষ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, মহকুমা দণ্ডাধীশ নৱদীপ পেগুৰ উপৰি বনাঞ্চলিক বিষয়াসকলেও অংশগ্ৰহণ কৰে ৷ এই ৰেলী পৰিচালনা কৰে ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু শৈক্ষিক-সাংস্কৃতিক-সামাজিক কাজিৰঙা অধ্যয়ন চক্ৰই ৷
প্ৰতিযোগিতা আৰু ৰেলীৰ শেষত কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহৰ বাকৰিত বিশ্ব গঁড় দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, ক্ৰীড়াবিদ নয়নমণি শইকীয়া, ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ মুখ্য প্ৰবন্ধক হিতজিৎ ভট্টচাৰ্য, জ্যেষ্ঠ প্ৰৱন্ধক গীতা বৰুৱা আৰু প্ৰৱন্ধক ইলোৰা বৰুৱা, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, সমন্বয়ক ইন্দুপৱন শইকীয়া, দ্য কৰবেট ফাউণ্ডেচনৰ ডা° নবীন পাণ্ডে, আৰণ্যকৰ আৰিফ আহমেদ, বন বিভাগৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট দেৱজিত দেউৰী, বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাৰ সভাপতি পবিত্ৰ গগৈৰ লগতে কাজিৰঙাত কৰ্মৰত বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3d97a475-80ee-4b20-b13e-29374ece1e1c/f1cc0cad_039e_4837_9cce_98d90084096e.jpg)
সকলোকে গঁড়ৰ স্মাৰক আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় ৷ বনবিভাগৰ কৰ্মী গীতাঞ্জলি কলিতা আৰু সাংবাদিক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানতে মাৰাথন দৌৰত স্থান লাভ কৰা প্ৰতিযোগীসকলক নগদ ধন, মানপত্ৰ আৰু পদক প্ৰদান কৰা হয়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ উপৰি অংশগ্ৰহণকাৰীসকলে নিজৰ নিজৰ অনুভৱো ব্যক্ত কৰে ৷ বিশ্ব গঁড় দিৱসৰ শুকুৰবাৰৰ মাৰাথন প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত গুৱাহাটীৰ বিজয় ডেকাই প্ৰথম, গোলাঘাটৰ তিখেশ্বৰ কুৰ্মীয়ে দ্বিতীয় আৰু মৰিয়নীৰ বিপিন মুণ্ডাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত বোকাখাত ৰজাবাৰীৰ মণিকা মাঝিয়ে প্ৰথম, কাজিৰঙাৰ গেলেকীৰ কাজল বাউৰীয়ে দ্বিতীয় আৰু বোকাখাতৰ ফুলমণি মুণ্ডাই তৃতীয় স্থান লাভ কৰে ৷ অনুষ্ঠানত সঞ্চালক ড৹ সোনালী ঘোষে অনুষ্ঠানলৈ সহাঁৰি জনোৱাৰ বাবে উপস্থিত সকলোকে ধন্যবাদ জনোৱাৰ লগতে গঁড় দিৱসৰ লগত সংগতি ৰাখি এনে ধৰণৰ মাৰাথন প্ৰতিযোগিতা প্ৰতি বছৰতে অনুষ্ঠিত কৰা বাবে আলোচনা কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷
Also Read: দুৰ্গাপূজা উপলক্ষে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন