/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7e684258-28c9-4ede-a3ff-d9f96963e397/gghg.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰস্থল কহঁৰাৰ কদৰ্যময় পৰিবেশৰ বিপৰীতে পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত গঢ় দিয়াৰ বাবে পদক্ষেপ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷ কিছু দিনৰ পূৰ্বে কাজিৰঙাৰ কহঁৰাৰ অস্বাস্থ্যকৰ পৰিবেশক কেন্দ্ৰ কৰি বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত কৰা মন্তব্যই তোলপাৰ লগোৱাৰ পাছত বুধবাৰে বিধান সভাৰ আইন ৰূপায়নৰ প্ৰতিনিধি দলৰ সৈতে পুনৰ কঁহৰাত উপস্থিত হয় বিধায়ক মৃণাল শইকীয়া ৷
প্ৰতিনিধি সকলৰ লগতে বোকাখাত মহকুমা প্ৰশাসন আৰু খণ্ড উন্নয়ন বিভাগৰ বিভাগৰ সৈতে বিভিন্ন স্থান পৰ্যবেক্ষণ কৰে ৷ বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে কাজিৰঙাৰ একাংশ হোটেল ৰিজৰ্টে পেলনীয়া জাবৰ জোথৰ পেলাই বিনষ্ট কৰিছে কহঁৰা নদী ৷ ২০১৮ চনত কহঁৰা নদীৰ সাতশ মিটাৰ পৰিস্কৰণৰ বাবে চৰকাৰে এখন কমিটিও গঠন কৰি দিছিল ৷
লগতে তেওঁ মন্তব্য কৰে যে কহঁৰাৰ পৰিবেশ সু্স্থ কৰি ৰখাৰ ক্ষেত্ৰত পৰ্যটন ,বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ দায়িত্ব আছে যদিও সময়ত সকলোৱে গা এৰা দিয়ে ৷এতিয়া যি অলপ উন্নয়ন হৈছে সেয়া বোকাখাত খণ্ড উন্নয়ন বিভাগৰ পৰাহে হৈছে ৷
Also Read: চাকৰি আৰু ধনৰ প্ৰলোভন! খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ বাবে বাধ্য কৰোৱা ১০ জন আৰক্ষীৰ জালত