উদ্ধাৰ কৰা বন্যপ্ৰাণীক পৰিচৰ্যা কৰি বনত মুকলি কৰি প্ৰশান্তি লাভ কৰা লোকজন

দুৰ্গত বন্যপ্ৰাণীক পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি গভীৰ প্ৰশান্তি লাভ কৰা কাজিৰঙাৰ এজন পৰিবেশ কৰ্মী।

author-image
Asomiya Pratidin
New Update
উদ্ধাৰ কৰা বন্যপ্ৰাণীক পৰিচৰ্যা কৰি বনত মুকলি কৰি প্ৰশান্তি লাভ কৰা লোকজন

ডিজিটেল সংবাদ, কাজিৰঙাঃ দুৰ্গত বন্যপ্ৰাণীক পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি গভীৰ প্ৰশান্তি লাভ কৰা কাজিৰঙাৰ এজন পৰিবেশ কৰ্মী। ২০০৭ চনৰ পৰা বন্যপ্ৰাণী সংৰক্ষণক নিজৰ কৰ্তব্য হিচাপে লৈ আগবাঢ়িছে মনোজ গগৈয়ে।

Advertisment

অবিৰতভাৱে বন্যপ্ৰাণীৰ হকে কাম কৰি যোৱা মনোজ গগৈয়ে বৰ্তমানলৈকে ৫ হাজাৰতকৈ অধিক দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে ৷ মনোজ গগৈয়ে বিভিন্ন জন্তু-পক্ষী,সৰীসৃপকে আদি কৰি অন্যান্য বন্যজন্তু সমূহ পৰিচৰ্যা কৰি পুনৰ মুকলি দিছে মুকলি আকাশৰ তলত ৷

বিগত বৰ্ষত মুঠ ২৬০ টা বন্যপ্ৰাণীক উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে মনোজ গগৈয়ে ৷ মনোজ গগৈৰ মতে প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ বুকুতে থাকিব লাগে ৷

kaziranga national park