আনন্দৰ সীমা নাই! আজি ক্ৰিচৰ জন্মদিন...

আনন্দৰ সীমা নাই! আজি ক্ৰিচৰ জন্মদিন...

ডিজিটেল সংবাদ, কাজিৰঙাঃ এবছৰীয়া হ'ল কাজিৰঙাৰ ক্ৰিচ ৷পৱিত্ৰ বৰদিনৰ দিনটোত জন্ম হোৱা ক্ৰিচে অতিক্ৰম কৰিলে এটা বছৰ ৷ যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জোনাকী নামৰ বিভাগীয় হাতীজনীয়ে জন্ম দিছিল এটা মতা হাতী পোৱালী। বৰদিনৰ দিনটোত জন্ম হোৱাৰ বাবেই হাতী পোৱালীটোৰ নাম ৰখা হৈছিল ক্ৰীচ।

মাকৰ সৈতে উমলি থকা পোৱালীটোক লৈ আনন্দৰ সীমা নাই হাতী মাউতসকলৰ।মৰমলগা পোৱালীটোৰ আপদালত ব্যস্ত হৈ পৰিছে হাতী মাউত,ঘাচী। উল্লেখ্যে যে কাজিৰঙাত বিভাগীয় হাতীসমূহ উদ্যানখনৰ অন্যতম চালিকা শক্তি।

উদ্যানৰ বিভিন্ন কামত নিয়োজিত কৰা হয় হাতীসমূহক।বৰ্তমান বাগৰি বনাঞ্চলত মুঠ ১৫ টা বিভাগীয় হাতীৰ ভিতৰত সকলোতকৈ কনিষ্ঠ ক্ৰীচ।ক্ৰীচৰ এবছৰীয়া জন্মদিনত আনন্দিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

আনন্দৰ সীমা নাই! আজি ক্ৰিচৰ জন্মদিন...
জামুগুৰিহাটত হাতী-মানুহৰ সংঘাত অব্যাহত, তহিলং খেতি-পথাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in