সুখবৰ ! ২০২৩ বৰ্ষত ব্যাঘ্ৰ প্ৰকল্পই ৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে হস্তী প্ৰকল্পই সম্পূৰ্ণ কৰিলে ৩০টা বছৰ...

author-image
Asomiya Pratidin
New Update
সুখবৰ ! ২০২৩ বৰ্ষত ব্যাঘ্ৰ প্ৰকল্পই ৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে হস্তী প্ৰকল্পই সম্পূৰ্ণ কৰিলে ৩০টা বছৰ...

ডিজিটেল সংবাদ, কাজিৰঙা : দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ বৰ্ষ ১৯৭২ আৰু ১৯৯২ ৷ এই দুটা বৰ্ষতে দেশত আৰম্ভ কৰা হৈছিল ক্ৰমে ব্যাঘ্ৰ প্ৰকল্প আৰু হস্তী প্ৰকল্প ৷ সুখবৰ যে ২০২৩ বৰ্ষত ব্যাঘ্ৰ প্ৰকল্পই ৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে হস্তী প্ৰকল্পই সম্পূৰ্ণ কৰিলে ৩০ বছৰ ৷

Advertisment

মন কৰিব লগীয়া যে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক দুয়োটা প্ৰকল্পৰ দুয়োটা ক্ষেত্ৰতে সবল স্থিতি লাভ কৰিবলৈ সক্ষম হোৱা ৰাজ্য সমূহৰ ভিতৰত অন্যতম অসম ৷ বিশেষভাৱ হস্তী প্ৰকল্পৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে অসমে ৷ এই কথা প্ৰকাশ কৰিছে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে ৷

চলিত বৰ্ষত ৩০ বছৰত ভৰি দিয়া হস্তী প্ৰকল্পক গজ উৎসৱ হিচাবে পালন কৰাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি  বন বিভাগৰ উৰ্ধতম বিষয়া গৰাকীয়ে সদৰি কৰে যে অহা ৭ আৰু ৮ এপ্ৰিলত গজ উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি  আৰম্ভ হৈছে কাজিৰঙাত ৷ অৱশ্যে এই বিষয়ত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি গুৱাহাটীত উপস্থিত হৈ অসম চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ পাছতহে সকলো সিদ্ধান্ত গ্ৰহন কৰা হ’ব ৷ আনহাতে হাতী সংৰক্ষণত আগস্থান পোৱা দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে গজ মহোৎসৱত অংশ লোৱাৰ কথা উল্লেখ কৰি বন বিষয়া গৰাকীয়ে দেশৰ ৰাষ্ট্ৰপতি গৰাকী অহাৰো ইংগিত দিয়ে ৷

kaziranga national park