/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
ডিজিটেল সংবাদ, বোকাখাত : কাজিৰঙাৰ হাতীখুলীত নিশা পথ দুৰ্ঘটনা। মালবাহী এখন পিক আপ ভানৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় হাতীখুলী বাগানৰ শ্ৰমিক শ্ৰীৰাম কৰ্মকাৰৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ যোৰহাট চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয় শ্ৰমিক জনৰ। ঘটনা সংঘটিত কৰা পিক আপ বাহনখনৰ নম্বৰ AS02AC 9323। উল্লেখ্য যে গাড়ীখন অত্যাধিক বেগত থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us