চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কাজিৰঙাৰ একাংশ জনতা

জনসাধাৰণৰ প্ৰতি থাকিব লগিয়া সেৱা মনোভাৱৰ বিপৰীতে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক অবহেলা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বোকাখাত মহকুমাৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷

author-image
Asomiya Pratidin
New Update
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কাজিৰঙাৰ একাংশ জনতা

ডিজিটেল সংবাদ, কাজিৰঙাঃ দুৰ্নীতিৰ সীমা অতিক্ৰম কৰা কাজিৰঙাৰ এটা বিশেষ পঞ্চায়ত ৷ জনসাধাৰণৰ প্ৰতি থাকিব লগিয়া সেৱা মনোভাৱৰ বিপৰীতে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক অবহেলা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বোকাখাত মহকুমাৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷

Advertisment

অভিযোগ মতে পঞ্চায়ত খনৰ সভানেত্ৰী গৰাকীৰ লগতে ৱাৰ্ড সদস্য সকল কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে চৰকাৰী আঁচনি সমূহৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বহু সংখ্যক হিতাধিকাৰী ৷ এই ক্ষেত্ৰত চৰকাৰে নিযুক্তি প্ৰদান কৰা সচিব গৰাকীও কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে পৰ্যটন থলি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত কাৰ্যালয়টোৰ বহিৰ্ভাগৰ দুৰৱস্থা পৰ্যটন থলি কাজিৰঙাৰ বাবে লজ্জাজনক বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে ৷এই ক্ষেত্ৰত পঞ্চায়ত সচিবৰ লগতে জনপ্ৰতিনিধি সকলৰ নিয়মীয়া উপস্থিতি আৰু কাৰ্যালয়টোৰ উন্নিতকৰণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

Also Read: কাজিৰঙাত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ...