কাজিৰঙালৈ ক্ৰমে কমি আহিছে আলহী পক্ষীৰ আগমন, চিন্তিত পক্ষীবিদ তথা প্ৰকৃতিপ্ৰেমী

কাজিৰঙালৈ ক্ৰমে কমি আহিছে আলহী পক্ষীৰ আগমন, চিন্তিত পক্ষীবিদ তথা প্ৰকৃতিপ্ৰেমী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙালৈ ক্ৰমে কমি আহিছে আলহী পক্ষীৰ আগমনৰ সংখ্যা। যাক লৈ চিন্তিত হৈ পৰিছে পক্ষীবিদ তথা প্ৰকৃতিপ্ৰেমী সকল। পূৰ্বতে ডিচেম্বৰ মাহৰ শেষৰ ফালে কাজিৰঙাৰ প্ৰতিখন বিল তথা জলাশয়ত উপচি পৰে ভিন্ন দেশৰ আলহী পক্ষীৰে ৷ কিন্তু এইবাৰ যথেষ্ট কমকৈ আহিছে আলহী পক্ষীৰ সংখ্যা ৷

জলবায়ু পৰিবৰ্তনৰ বাবে আলহী পক্ষীৰ আগমনৰ সংখ্যা কমি আহিছে বুলি মত প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী যুৱক বিতোপন কলঙে ৷বিগত বৰ্ষৰ তুলনাত আধাতকৈও কমকৈ আলহী পক্ষীৰ আগমন ঘটিছে কাজিৰঙালৈ৷

পূৰ্বতে এই সময়ছোৱাত আলহী পক্ষীৰ কলৰৱে মুখৰিত হৈ থকা চহলা, মোনাবিল, শুকানী,কাৰাসিঙত এইবাৰ প্ৰায় নিচেই নগণ্য পক্ষীৰ উপস্থিতি ৷যাৰ বাবে হতাশ হৈ পৰিছে পক্ষীৰ প্ৰতি আকৰ্ষিত দেশী বিদেশী পৰ্যটকসকল ৷

শীতৰ পৰিমাণ ক্ৰমান্বয়ে কমি অহা,ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ,বিল জলাশয়ত পানী কমি যোৱাও আলহী পক্ষীৰ সংখ্যা কমাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে বিতোপন কলঙে৷ উল্লেখ্য যে আগন্তুক জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জলচৰ পক্ষীৰ গণনা হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

কাজিৰঙালৈ ক্ৰমে কমি আহিছে আলহী পক্ষীৰ আগমন, চিন্তিত পক্ষীবিদ তথা প্ৰকৃতিপ্ৰেমী
মহিলাসকলে ন্যায় লাভ নকৰা পৰ্যন্ত মোক একো সন্মান নালাগেঃ বজৰং পুনিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in