/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1e95454b-4102-46c1-9bef-9d0ebdfbb521/lkkl.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ এসময়ত সাংবাদিক বুলি ক’লে মূৰ দো খাই যোৱাৰ পৰিৱেশ সলনি হৈ সম্প্ৰতি সাংবাদিকৰ প্ৰতি মানুহে নাক কোঁচাই অনা হৈছে৷ একাংশ সংবাদকৰ্মীৰ বাবেই এনে ধৰণৰ সামাজিক দূৰত্ব বৃদ্ধি পাই অহাৰ হেতু সংবাদকৰ্মীসকলে আত্ম সমালোচনা কৰা উচিত৷ কাৰণ, আত্ম সমালোচনা কৰিলেহে সাংবাদিকে নিজক সঠিকভাৱে উপস্থাপন কৰি সামাজিক দায়িত্ব পালন কৰাৰ পৰিৱেশ সৃষ্টি হ’ব '-- কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সোমবাৰে কাজিৰঙাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত অনুষ্ঠিত পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ৰাজ্যিক সভাপতি জিতু শৰ্মা ৰাজখোৱাই এইদৰে কয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0ebc9cc8-6531-4892-82b6-b11034383c33/c26f6b6f_5deb_402c_a2c2_943948514ad2.jpg)
বিগত তিনিটা দশকে সাংবাদিকতাৰ স’তে জড়িত হৈ তেওঁ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈছে উল্লেখ কৰি কয় যে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ দ্ৰুত পৰিৱৰ্তন হৈছে ৷ অসমৰ সাংবাদিকতাৰ ১৭৭ বছৰীয়া যাত্ৰাত বহু উত্থান-পতন হৈছে যদিও সম্প্ৰতি যেন সংবাদ মাধ্যমৰ প্ৰতি সাধাৰণ দৃষ্টি কিছু নেতিবাচক হৈছে ৷ গণতন্ত্ৰ ৰক্ষাৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহৃত হোৱা সংবাদ মাধ্যম আজিৰ তাৰিখত বহুক্ষেত্ৰত নিজেই একো একোটা বাতৰি হ’ব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে৷
লগতে কয়, সাম্প্ৰতিক সময়ত কেৱল প্ৰতিযোগিতা আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবেই বহু সংবাদকৰ্মীয়ে সংবাদ যোগানৰ নামত সমাজখনক বিপথে পৰিচালিত কৰে৷ এনে ধৰণৰ মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সাংবাদিকতা কৰাটো যুগুত নহয় বুলিও স্পষ্ট কৰে ৷ আৰু কয়, সাংবাদিকতাৰ বাবে সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা লাগিবই বুলি কোনো কথা নাই, কিন্তু নৈতিকতা নাথাকিলে সাংবাদিকতা কেতিয়াও সম্ভৱ নহয় ৷
অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ ৰাজ্যিক সম্পাদক প্ৰদীপ ডেকা, সহকাৰী সম্পাদক পলিমা চেতিয়া বসুমতাৰী, বোকাখাত মহকুমাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, গোলাঘাট জিলাৰ সম্পাদক পৱন কামান, অধিবক্তা কিশোৰ ছেত্ৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, প্ৰকৃতিপ্ৰেমী অপূৰ্ববল্লভ গোস্বামী, সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি নীলপদ্ম শৰ্মাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱ নিৰ্বাচিত সম্পাদক ৰঞ্জিত ৰজকে৷ স্থানীয় ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত তিনিটা বিশেষ ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা তিনিগৰাকী ব্যক্তিক কাজিৰঙা বঁটা প্ৰদান কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/36d6e6a7-7032-492a-89a7-5a2fcf5a1d07/18dddea3_fc70_495a_93e0_8e524d3d5993.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e7950530-790b-4b7a-95bd-d5a6b06bcc7f/8e1f93f8_eac2_4a76_bff9_6856183a810f.jpg)
সেইমতে, কাজিৰঙাৰ প্ৰথম গৰাকী সাংবাদিক, শিক্ষাবিদ প্ৰয়াত বাপকণ দাসৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ কাজিৰঙা বঁটাৰ বাবে অসমীয়া প্ৰতিদিনৰ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাক প্ৰদান কৰা হয় ৷ কিন্তু, শাৰীৰিক অসুস্থতাৰ বাবে বিকাশ শৰ্মা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত শৰ্মাৰ হৈ সাংবাদিক অপূৰ্ববল্লভ গোস্বামীয়ে বঁটাটি গ্ৰহণ কৰে৷
ইপিনে, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত গোবিন্দ চন্দ্ৰ সাহাৰ সোঁৱৰণত অৱসৰপ্ৰাপ্ত বন বিষয়া চিন্ময় ধৰক গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ পৰিৱেশকৰ্মীৰ কাজিৰঙা বঁটা প্ৰদান কৰে দাতা পৰিয়ালৰ হৈ প্ৰয়াত গোবিন্দ চন্দ্ৰ সাহাৰ সহধৰ্ম্মিণী ৰঞ্জনা সাহাই৷ আনহাতে, ২০২৩ চনত চীনত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰ বোকাখাতৰ গৌৰৱ উমা ছেত্ৰীলৈ সমাজকৰ্মী প্ৰয়াত গুণীন্দ্ৰনাথ ফুকনৰ সোঁৱৰণত শ্ৰেষ্ঠ খেলুৱৈৰ কাজিৰঙা বঁটাৰ বাবে মনোনীত কৰিছিল৷
উমা ছেত্ৰীৰ হৈ ক্ৰিকেটাৰ গৰাকীৰ ভাতৃক বঁটা প্ৰদান কৰে দাতা পৰিয়ালৰ হৈ অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ তথা প্ৰয়াত গুণীন্দ্ৰনাথ ফুকনৰ পুত্ৰ আকাশ ফুকনে৷ অনুষ্ঠানত আকাশ ফুকনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায়৷
বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা নিমন্ত্ৰিত অতিথি উপস্থিত থকা মুকলি সভাৰ পূৰ্বে পুৱা সংস্থাৰ পতাকা উত্তোলন সংস্থাৰ সভাপতিয়ে কৰাৰ বিপৰীতে স্মৃতি তৰ্পণ কৰে সংস্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই৷ ইয়াৰ পাছতেই কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ চতুৰ্দশ পূৰ্ণাংগ অধিৱেশনৰ বিষয় বাছনি সভাৰ পৰ্যবেক্ষক ৰূপে বুবুল দত্ত আৰু নীলু আচাৰ্য উপস্থিত থাকি নীলপদ্ম শৰ্মাক সভাপতি আৰু ৰঞ্জিত ৰজকক সম্পাদক হিচাপে লৈ গঠন হোৱা নতুন সমিতিক দায়িত্ব অৰ্পণ কৰে৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সহযোগত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই কাইলৈ বনৰীয়া ম’হ দিৱস উদযাপন কৰিব৷
Also Read: ঢকুৱাখনাত গেৰুৱা দলত যোগ দিলে সহস্ৰাধিকে