কাজিৰঙাত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

কাজিৰঙাত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙাত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা৷ ভিজুৱেল আৰ্ট একাডেমীৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত বৃহস্পতিবাৰে কাজিৰঙাৰ কহঁৰাস্থিত বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই চিত্ৰাংকণ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১৪ খন বিদ্যালয়ৰ প্ৰায় চাৰি কুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Advertisment

ভিজুৱেল আৰ্ট একাডেমীৰ সহকাৰী সম্পাদক তথা সাংবাদিক বিতোপন মাজিয়ে আঁত ধৰা আজিৰ এই চিত্ৰাংকণ প্ৰতিযোগিতা মুকলি কৰে কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ড° বিভূতি ৰঞ্জন গগৈয়ে ৷ ভিজুৱেল আৰ্ট একাডেমীৰ সম্পাদক তথা বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষে পৰিচালনা কৰা চিত্ৰাংকন প্ৰতিযোগিতাথলীত একাডেমীৰ সদস্য সঞ্জীৱ ৰাজগুৰু, বন বিষয়া তৰুণ গগৈ, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, দ্য কৰবেট ফাউণ্ডেশ্যনৰ ক্ষেত্ৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়া, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিৱৰাকে আদি কৰি ভিজুৱেল আৰ্ট একাডেমী আৰু কাজিৰঙা অধ্যয়ন চক্ৰৰ একাংশ সদস্য উপস্থিত থাকে৷ দ্য কৰবেট ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়োৱা এই চিত্ৰাংকণ প্ৰতিযোগিতা মুঠ তিনিটা শাখাত আয়োজিত হয়৷

Also Read: কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...