সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহ-আবক্ষ মূৰ্তি পৰিস্কাৰ 'কাজিৰঙা অধ্যয়ন চক্ৰ'ৰ

সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহ-আবক্ষ মূৰ্তি পৰিস্কাৰ 'কাজিৰঙা অধ্যয়ন চক্ৰ'ৰ
Published on
Updated on

ডিজিটেল সংবাদ, কলিয়াবৰঃ শুকুৰবাৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে এদল যুৱকে পৰিস্কাৰ কৰে সুধাকণ্ঠৰ কুঠৰীত থকা বাসগৃহটি৷ কাজিৰঙাৰ শৈক্ষিক-সাংস্কৃতিক-সামাজিক সংগঠন 'কাজিৰঙা অধ্যয়ন চক্ৰ'ৰ উদ্যোগত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই চাফাই কাৰ্যসূচীত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াৰ নেতৃত্বত কাজিৰঙাৰ গেলেকী, বচাগাঁও, কুঠৰী, বাগৰি, জগদম্বা অঞ্চলৰ অৰ্ধ শতাধিক সদস্যই সহযোগিতা আগবঢ়ায়৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াই কয় যে, ১৯৫৮ চনতে ভূপেনদাই কাজিৰঙাৰ কুঠৰীত নিৰ্মাণ কৰা বাসগৃহটিৰ বৰ্তমানৰ অৱস্থা অত্যন্ত দুখলগা৷ কিন্তু, অসমীয়াৰ প্ৰাণৰ ব্যক্তিগৰাকীৰ স্মৃতি সুন্দৰভাৱে ৰখাটো চৰকাৰৰ দায়িত্ব আছিল যদিও এইক্ষেত্ৰত যেন চূড়ান্ত উদাসীন চৰকাৰী পক্ষ৷

তেওঁলোকে লগতে কয় যে সুধাকণ্ঠৰ বিভিন্ন স্মৃতি বিজড়িত বাসগৃহটি সংৰক্ষণ সম্বন্ধে অসম বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছিল বাসগৃহটিত৷ কিন্তু, আজিও কুঠৰীৰ সুধাকণ্ঠৰ বাসগৃহটি তথা স্মৃতি বিজড়িত কোনো সমল সংৰক্ষিত নহ’ল৷

কাজিৰঙা অধ্যয়ন চক্ৰই ভূপেনদাৰ বাসগৃহটি সংৰক্ষণ কৰি সংগ্ৰহালয়ৰ ৰূপ দিয়াৰ লগতে পৰ্যটকৰ বাবে মুকলি কৰিবলৈয়ো আহ্বান জনায়৷ লগতে বৃহস্পতিবাৰে সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহৰ লগতে আবক্ষ মূৰ্তিটো চাফচিকুণ কৰা কাৰ্যসূচীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটি ১৯৭৪ চনৰে পৰা চোৱাচিতা কৰা সুৰেণ নেওগ, অসীম নেওগ, বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন, কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলি, প্ৰাক্তন সভাপতি জমচেৰ আলিৰ লগতে বিভিন্নজনে সহযোগিতা আগবঢ়ায় বুলি জনায় কাজিৰঙা অধ্যয়ন চক্ৰই৷

আনহাতে, বৃহস্পতিবাৰৰ চাফাই কাৰ্যসূচীত সংগঠনটোৰ যতীন কলিতা, পুষ্কৰ কুৰ্মী, প্ৰত্যুষ প্লাৱন গগৈ, ৰাহুল কৰ্মকাৰ, বিকাশ কৰ্মকাৰ, নীলাভ দুৱৰা, মুকুটজ্যোতি শইকীয়া, ৰাধা গোবিন্দ তাঁতী আদিৰ নেতৃত্বত কাজিৰঙাৰ গেলেকী, বচাগাঁও, কুঠৰী, বাগৰি, জগদম্বা অঞ্চলৰ অৰ্ধ শতাধিক সদস্যই সহযোগিতা আগবঢ়ায়৷ ইপিনে, কাজিৰঙা অধ্যয়ন চক্ৰই কাইলৈ কাজিৰঙাৰ কহঁৰা চাৰিআলিত সন্ধিয়া ৫-৩০ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰাৰ লগতে 'মানুহে মানুহৰ বাবে' শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠিত কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in