/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/940b098d-8e85-47be-97f8-399c94ec6bc4/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ২৬ আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় কুকুৰ দিৱস। কুকুৰে মানৱ সমাজত বিভিন্ন ভূমিকা পূৰণ কৰে আৰু প্ৰায়ে কৰ্মৰত কুকুৰক প্ৰশিক্ষণ দিয়া হয়। পৰম্পৰাগত চাকৰি নথকা কুকুৰৰ বাবে, বিভিন্ন ধৰণৰ কুকুৰ ক্ৰীড়াই তেওঁলোকৰ প্ৰাকৃতিক দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।
অনুমান কৰা হয় ১২,০০০বছৰৰো অধিক সময় ধৰি কুকুৰে মানুহৰ সৈতে চিকাৰৰ সঙ্গী, ৰক্ষক আৰু বন্ধু হিচাপে বাস কৰি আহিছে। যাৰ বাবে কুকুৰ পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পোহনীয়া জন্তুবোৰৰ ভিতৰত এটা হোৱাৰ লগতে ইয়াক 'মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু' বুলি কোৱা হয়। কুকুৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশেষ ভূমিকা পালন কৰি আহিছে। তিনিজনীয়া কুকুৰৰ দল এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অধিক সুৰক্ষিত কৰাৰ স্বাৰ্থত নিয়োজিত হৈ আছে ৷
উদ্যানখনত সফলতাৰ ৫বছৰ অতিক্ৰম কৰিলে মিছকী, লিয়ন আৰু ইমিয়ে। বিগত ৫টা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সমানে কৰ্তব্য সমাপন কৰি উদ্যানখনৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগক বিশেষ সহযোগিতা আগবঢ়াই আহিছে মিছকী, লিয়ন আৰু ইমিয়ে ৷ ইউ কে আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত তিনিটা কে৯ স্কোৱাদ কুকুৰ হ'ল মিছকী, লিয়ন আৰু ইমি। উন্নত মানৰ প্ৰশিক্ষণ প্ৰাপ্ত বেলজিয়াম মেলিনীয়াছ প্ৰজাতিৰ মিছকী, লিয়ন আৰু ইমি হৈছে কে৯ ডগ স্কোৱাদ।
বন বিভাগৰ সৈতে চোৰাং চিকাৰীৰ বিৰুদ্ধে নামি পৰা অভিযানত এই ডগ স্কোৱাৰ্ডে লাভ কৰিছে বহু কেইটা সফলতা। চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ লগতে কাজিৰঙাত বন বিভাগৰ বনকৰ্মীৰ সমানে সমানে দিনে-নিশাই তহল দিয়ে মিছকী, লিয়ন আৰু ইমিয়ে। চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও আৰক্ষীকো বিভিন্ন ধৰণৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে মিছকী, লিয়ন আৰু ইমিয়ে। এজন বনকৰ্মীৰ দৰেই নিষ্ঠা আৰু সততাৰে বিগত ৫বছৰে দায়িত্ব পালন কৰি আহিছে মিছকী, লিয়ন আৰু ইমিয়ে।
উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গঁড় হৈছে পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। সেয়ে বছৰ বছৰ দিন ধৰি ইয়াৰ বন্য জীৱকূলক সুৰক্ষা প্রদান কৰি আহিছে কৰ্তব্যৰত বনকৰ্মীয়ে। আনহাতে প্ৰকৃতিপ্ৰেমী আৰণ্যক নামৰ স্বেচ্ছাসেৱী এটি সংগঠনে কাজিৰঙাৰ বন্যজীৱক অধিক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে লৈ কাজিৰঙাত নিয়োজিত কৰিছিল ৩টা কৈ প্ৰশিক্ষণ প্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ডগ। বৰ্তমান কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ইমি, বাগৰি বনাঞ্চলত মিছকী আৰু বোকাখাতৰ মুখ্য কাৰ্যালয়ত লিয়ন কৰ্তব্যৰত হৈ আছে। ৮বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত অৱসৰ দিয়া হ'ব স্নিফাৰ ডগ কেইটাক।
Also Read: স্বদেশত উপস্থিত হৈয়ে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us