কঠীয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত

কঠীয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত

ডিজিটেল সেৱা, কঠীয়াতলী:- নগাঁৱৰ কন্দলী আৰু কঠিয়াতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত ৷ নিশাটো দূৰৰে কথা দিন দুপৰতে সোনালী ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গঞাই ৷

Advertisment

শ শ বিঘা শালি ধানৰ খেতি খায় অনিষ্ট কৰিছে কৃষকৰ ৷ বন বিভাগৰ সহযোগত এতিয়া ৰাইজে ফটকা ফুটাই কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকটো খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো চেষ্টা চলাইছে কৃষক সকলে ৷

আনহাতে কন্দলী কুঁহিয়াৰতলি একাংশ কৃষকে বন্যহস্তীক সন্তুষ্ট কৰিবলৈ কল, ফল ফলহাৰ লগতে হাতীৰ খাদ্য সামগ্ৰী যোগান ধৰি নিজৰ খেতি ডৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে ৷ উল্লেখ্য যে, বন বিভাগে ৰাইজৰ সহযোগত আতজবাজী ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হয় ৷ বৰ্তমান নৈপাম আৰু বেঙেনাআটিত বন্যহস্তী জাকটোৱে অৱস্থান কৰিছে ৷

Also Read: কংগ্ৰেছঃ মেড ইন চাইনা!

Wild elephanat