ডিজিটেল সংবাদ,ঘিলাধাৰী: আজি কাতি বিহু৷ ৰাজ্য বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ব কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তি দিনা সমগ্ৰ ৰাইজে পালন কৰিব কঙালি বিহু ৷
গ্ৰামাঞ্চলৰ কৃষক ৰাইজৰ পুৰণি ধান শেষ হোৱা লগতে শালি ধান চপাবলৈ যথেষ্ট সময় বাকী৷ সেয়েহ অভাৱ অনাটনৰ মাজতে পালন কৰা হয় কাতি বিহু৷ পুৱাৰ পৰা সকলোৰে ব্যস্ততা বাঢ়ে৷
বিশেষকৈ গৃহিনী সকলে ঘৰ-বাৰী চাফ চিকুন কৰি তুলসী তলত,ভঁৰালত আৰু ধাননী পথাৰত এগছি চাকি-ধূপ প্ৰজ্বলন কৰি লক্ষ্মী দেৱীক আৰাধনা কৰে ৷ তাৰ বিপৰীতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানৰ ১ নং গাইনবাৰী,যাদৱ বস্তী,গোসাই গাঁও,ভেলগুৰি আদি ঠাইত খৰাঙৰ কাৰণে হাজাৰ হাজাৰ বিঘা মাটি ৰুৱ নোৱাৰাত খেলপথাৰ হৈ পৰে ৷
কিছুদিনৰ আগত এই খেলপথাৰ সদৃশ পথাৰ বোৰ বেকা জানৰ পলসে পুঁতি পেলাইছে ৷ ফলত কাতি বিহুৰ দিনা ধাননি পথাৰত এগছি চাকি-ধূপ প্ৰজ্বলন কৰিব নোৱাৰি কৃষকে চকুলো টুকিছে৷