/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fb8a5bfc-79b5-4039-aa7f-908d09f8e0b8/kati_bihu.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসমীয়া জাতীয় জীৱনৰ বাপতি সাহোন কাতি বিহুটি সমগ্ৰ অসমৰ লগতে মঙ্গলবাৰে ধেমাজি জিলা সদৰৰ কছাৰী ময়দানতো ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ উদ্যোগত তৃতীয় বাৰ্ষিক কাতি বিহু উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি আৰম্ভণিতে বিয়লি ৪ বজাত ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি তথা স্বৰ্গীয় নৰেন কোঁৱৰৰ প্ৰতিচ্ছবিত ম্যাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে, ইয়াৰ পিছতেই বিয়লি ৪.৩০ বজাত খেতি পথাৰত বন্তি প্ৰজ্বলন, বিয়লি ৫ বজাত আকাশ বন্তি প্ৰজ্বলন, সন্ধিয়া ৫.৩০ বজাত কাতি বিহুৰ সম্পৰ্কে তুলসী তলত বন্তি প্ৰজ্বলন আৰু শৰাই স্থাপন, ৬ বজাত কাতি বিহুৰ আলোকপাত, ৭ বজাত আই মাতৃ সকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয়।
কাতি বিহু সম্পৰ্কে অনুষ্ঠিত হোৱা আলোকপাতৰ কাৰ্য্যসূচীত ধেমাজি জিলাখনৰ বহুকেইগৰাকী জ্যেষ্ঠ গণ্য মান্য ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ ধেমাজি জিলা কেন্দ্ৰীয় বিহু সন্মিলনৰ সম্পাদক মনোজ গগৈয়ে আতঁ ধৰা বিহুৰ আলোকপাতত অতিথি হিচাপে উপস্থিত থাকি সাৱলীল বক্তব্য প্ৰদান কৰে অহা ২৮ অক্টোবৰত অসমৰ ছবিগৃহ সমূহত মুক্তি পাবলগীয়া আৰ. বি. প্ৰডাকচনৰ 'লংকাকাণ্ড' ৰ পৰিচালক ৰজনী বৰ্মন, চলচ্চিত্ৰৰ অভিনেতা অতুল পাচঁনিকে ধৰি ডাঃ আলেক্ষ্য বৰুৱা, বিবেক বৰা, ভ্ৰান্তি মেধি, চিৰঞ্জীত বৰা, বাব্লি বৰা, জুনজুন বৰা আৰু ৰমেন তামুলীয়ে ৷