/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6af9ef05-7926-4a67-88d9-41ec23b75cb1/katiu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জাতীয় জীৱনৰ স'তে সম্পৃক্ত , কৃষিজীৱী চহাৰ হেঁপাহ আৰু সম্ভাৱনাৰ প্ৰতীক কাতি বিহু। কৃষি প্ৰধান আৰু কৃষি নিৰ্ভৰ ঢকুৱাখনীয়া কৃষিজীৱীৰ আবেগ অনুভূতি জড়িত এই কাতি বিহু মঙলবাৰে কেন্দ্ৰীয় ভাবে ঢকুৱাখনা কৃষি বিভাগৰ উদ্যোগত উদযাপন কৰা হয় ।
ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত ধেনুখণা বাটমাৰী পঞ্চায়তৰ ঘাৰমৰা বিজয়পুৰ পথাৰত মঙ্গলবাৰে উদযাপন কৰা হয় কাতি বিহু। প্ৰথম বাৰৰ বাবে কৃষি বিভাগৰ উদ্যোগত আয়োজিত এই কাতি বিহু উপলক্ষত সন্ধিয়া ঘাৰমৰা বিজয়পুৰ পথাৰত পৰম্পৰাগত ভাৱে থাপনাত তুলসী ৰুই , ধূপ, বন্তি জ্বলাই স্তুতি প্ৰাৰ্থনা কৰা হয় ।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা কাতি বিহুৰ পৰম্পৰাগত অনুষ্ঠানত মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকা , কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা , কৃষি সম্প্ৰসাৰণ সহায়ক সুশীল বৰুৱা ,উদয় বৰুৱা , প্রিয় দীপ পেগু ,মনেশ্বৰ বৰ্মন , খণ্ড কাৰ্যকৰী প্ৰবন্ধক বিজয় বৰুৱা, মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিত গগৈ , বিজেপি নেতা বসন্ত শইকীয়া , ব্ৰজ কুমাৰ দলে , ৰাজীৱ দাসৰ লগতে অঞ্চলটোৰ ডেৰ শতাধিক চহা ৰাইজে অংশ গ্ৰহণ কৰে ।
বিশাল কৃষি ভূমিত আকাশ বন্তি জ্বলাই আলোকিত কৰি তোলা এই লোক উৎসৱৰ পূৰ্বে ঘাৰমৰা বিজয়পুৰ আঞ্চলিক নাট্য মন্দিৰত এক মনোজ্ঞ সভা অনুষ্ঠিত কৰা হয়। লোক উৎসৱ কাতি বিহুৰ তাৎপৰ্য আৰু কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত এই সভাত মননশীল আলোচনা কৰা হয় ।
মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত কৃষি আঁচনিৰ ওপৰত এ ডি অ মন্দিৰা বৰবৰাৰ লগতে মহকুমাধিপতি অৰিন্দম বৰুৱা , বসন্ত শইকীয়া, প্ৰণৱজিত গগৈ , বজ্ৰ কুমাৰ দলে দলে ,ৰাজীৱ দাস আদিয়ে বক্তব্য ৰাখে ।
সভাতেই বৃহত্তৰ অঞ্চলটোৰ কৃষি কৰ্মেৰে উজ্জীৱিত অগ্ৰণী প্ৰগতিশীল খেতিয়ক বুলবুল দত্ত ,বিনোদ কোচ, অৰুণ কলিতা , জয় পেগু ,শুভ চুতীয়া , শুভন কোঁৱৰ, প্ৰদীপ চুতীয়া, লোহিত চেতিয়া , সন্তোষ গগৈ , সঞ্জীৱ পেগু , চন্দ্ৰ গগৈ , দেৱ গগৈ ,দুবৰি গগৈ আৰু তুলসী গগৈক জাতিয় লোক উৎসৱ কাতি বিহুৰ ওলগ জনাই ফুলাম গামোচাৰে সন্মানিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us