/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/affyp7fq/RANGIA-17.jpg)
ৰঙিয়াৰ তুলসীবাৰীত কৃষি বিভাগৰ সৌজন্যত কাতি বিহু উদযাপন...
ডিজিটেল সংবাদ ৰঙিয়াঃ কামৰূপ জিলা কৃষি বিভাগৰ সৌজন্যত আৰু ৰঙিয়া মহকুমা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হয়। দিনৰ ৩ বজাত কাতি বিহু উপলক্ষে ৰঙিয়াৰ তুলসীবাৰী গো-মাৰলী থান প্ৰাংগনত মহকুমা কৃষি বিষয়া দুৰ্লভ দাসে পৰিচালনাত এক সভাও অনুষ্ঠিত হয়।
সভাত নিজৰ ভাষণত স্থানীয় বিধায়ক ভৱেশ কলিতাই কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে উল্লেখ কৰে। তাৰোপৰি তেওঁ কৃষি খণ্ডত ধানৰ মূল্য সম্প্ৰতি খেতিয়কসকলে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। অকল সেয়াই নহয়, সৰিয়হৰ মূল্য কৃষিজীৱি ৰাইজে লাভ কৰিছে। ৰাজ্য চৰকাৰৰ মূল মন্ত্ৰ- কৃষি আমাৰ,ধান আমাৰ, পথাৰ আমাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/eud53lk8/45dd98f2-f3c5-4c26-8f1b-a0f5806b81d7.jpg)
তেওঁ কৃষিৰ ভিত্তিক উৎসৱ কাতি বিহুৰ পৰম্পৰা সকলোৱে ধৰি ৰাখিব লাগিব বুলিও ভাষণত উল্লেখ কৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে এই কাতি বিহুৰ সভাত কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰথম বাৰৰ বাবে কাতি বিহুৰ পৰিৱেশ ৰঙিয়াত উপভোগ কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি কয়।
ভাষণত তেওঁ জিলাখনৰ কৃষি খণ্ডৰ ক্ষেত্ৰত কাতি বিহুৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰে। উল্লেখ্য যে এই কাতি বিহুৰ দিনা একেলগে তুলসীবাৰী গো-মাৰলী থানৰ কাষৰ পথাৰত ৫০০ গছি মাটিৰ চাকি প্ৰজ্বলন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/8obl9fg1/cc49153d-a742-48a7-aaf2-fc8a127133eb.jpg)
তদুপৰি একেটা সভাত কৃষি বিভাগৰ এখনি সজাগতা সভা অনুষ্ঠিত হয় আৰু কেইবাগৰাকীও কৃষকক ফচল বীমা যোজনাৰ প্ৰমাণ পত্ৰ আৰু কৃষি সঁজুলি আদি বিতৰণ কৰে। ইফালে কাতি বিহুৰ অনুষ্ঠানত স্থানীয় আয়তীসকলে নাম -প্ৰসংগ, বিহু নৃত্য আৰু জেং বিহু আদি পৰিবেশন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-17/ul0yslr8/5486d6a3-6acb-4c3a-a737-259b3e28df1f.jpg)
উক্ত অনুষ্ঠানত ৰঙিয়া সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী আৰু কামৰূপ জিলা কৃষি বিষয়া ধীৰেন কাৰ্জি,এডিচি কমল বৰা,ৰঙিয়া মহকুমা কৃষি বিষয়া দুৰ্লভ দাস তথা চক্ৰ বিষয়া দেৱাশীষ বৰঠাকুৰৰ লগতে স্থানীয় আয়তীসকল, ৰাইজসকল উপস্থিত থাকে।
Also Read: সোণোৱাল, আদিত্য নাথ, ৰাজনাথ সিং আদিৰ কাষত নাথাকিব NSGৰ নিৰাপত্তা