কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

author-image
Asomiya Pratidin
New Update
কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

ডিজিটেল সংবাদ,কামপুৰ: দেওবাৰে বিয়লি পাচঁ বজাত কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী সাৰোহৰ সফল সামৰণি পৰে ৷ ৩০আৰু৩১ ডিচেম্বৰত দুদিনীয়া  বৰ্ণাঢ্য কাৰ্যসুচীৰে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজন কৰা সমাৰোহ খনিৰ আজি দিনৰ ১ বজাত অভ্যৰ্থনা  সমিতিৰ সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত  বঁটা বিতৰণী সভা আৰু দিনৰ ৩ বজাত প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলামৰ পৌৰহিত্যত  মুকলি সভা অনুষ্ঠিত হয় ৷

Advertisment

সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক সকলৰ দায়বদ্ধতা আৰু কৰ্তব্যৰ লগতে ৰাইজৰো সাংবাদিকৰ প্ৰতি থকা ইতিবাচক আৰু নেতিবাচক দৃষ্টিভঙ্গীৰ ওপৰতো বহল ব্যাখ্যা দাঙি ধৰে ৷ সাংবাদিক সকল নিৰপেক্ষ নহয় ৰাইজৰ পক্ষতহে কাম কৰিব লাগে বুলি নিতুমনি শইকীয়াই বক্তব্য প্ৰদান কৰে ৷

আজিৰ মুকলি সভাত  "তুলিকা" নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে কচুৱা প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ ,কনিষ্ঠ সাংবাদিকৰ লগতে অৱসৰ প্ৰাপ্ত শিক্ষক,আদৰ্শ কৃষক,শ্ৰমিক,চিকিৎসক সাহিত্যিক সকলক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় ৷সভাত  ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম,অসমীয়া গহনাৰ ডুগডুগীৰ স্বত্তাধিকাৰী উৎপল বনিয়া,সাংবাদিক সভাৰাম বৰা,অৱসৰ প্ৰাপ্ত অধ্যক্ষ লিয়াকত আলী,আমিৰ হামজা ভূঞাৰ লগতে বিভিন্ন ব্যক্তি সকলে ভাষন দিয়ে ৷

Also Read: মাত্ৰ ৫০০ টকাৰ বাবে বন্ধুক হত্যা! অভিযুক্তই দিলে সমগ্ৰ ঘটনাৰ বিৱৰণ