মাত্ৰ ৫০০ টকাৰ বাবে বন্ধুক হত্যা! অভিযুক্তই দিলে সমগ্ৰ ঘটনাৰ বিৱৰণ

মাথো পাঁচশ টকাৰ বাবেই হত্যাকাণ্ডৰ বলি হৈছিল কোকৰাঝাৰৰ গেৰেমছা নাৰ্জাৰী(১৯) নামৰ আইটিআইৰ ছাত্ৰগৰাকী

author-image
Asomiya Pratidin
New Update
টকাৰ লেনদেন, মোবাইলৰ বাবে নৃশংসভাৱে হত্যা এজনক, গ্ৰেপ্তাৰ ৩ জন

মূল অভিযুক্ত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মাথো পাঁচশ টকাৰ বাবেই হত্যাকাণ্ডৰ বলি হৈছিল কোকৰাঝাৰৰ গেৰেমছা নাৰ্জাৰী(১৯) নামৰ আইটিআইৰ ছাত্ৰগৰাকী । ধাৰে লোৱা পাঁচশ টকা ঘূৰাই দিম বুলি মাগুৰমাৰীৰ নিৰ্জন ঠাইলৈ মাতি নি গেৰেমছা নাৰ্জাৰীক হত্যা কৰাৰ অভিযোগ বন্ধুৰ বিৰুদ্ধে ।

Advertisment

বন্ধুক হত্যা কৰি নলাত পেলাই দি স্কুটী , মোবাইল লৈ উধাও হোৱা বন্ধু আকৌ পিছৰদিন পুনৰাই চাব আহিছিল বন্ধু গেৰেমছা নাৰ্জাৰীৰ সঁচাকৈ মৃত্যু হৈছেনে নাই। এনে হৃদয়বিদাৰক নৃশংক ঘটনাৰ প্ৰায় সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি চিহ্নিত কোকৰাঝাৰ সদৰ চহৰৰ বড়ো ভাতাৰমাৰীৰ পৃথিৱীৰাজ নাৰ্জাৰীক (১৯) । শনিবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছে তেওঁক । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত হত্যাকাণ্ডৰ সতে জড়িত থকা আন দুগৰাকী নাবালকক দেওবাৰে আবেলি আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি গেৰেমছা নাৰ্জাৰীৰ বন্ধু পৃথিৱীৰাজ নাৰ্জাৰীয়ে কিছুদিন পূৰ্বে গেৰেমছা নাৰ্জাৰীৰ পৰা ৫০০ টকা ধাৰে লৈছিল । ধাৰে লোৱা পাঁচশ টকা গেৰেমছাই ঘূৰাই বিচৰাত আজি দিম , কালি দিম বুলি পৃথিৱীৰাজ নাৰ্জাৰীয়ে ঘূৰাই দিয়া নাছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনাখন পুনৰাই ধাৰে লোৱা টকা ঘূৰাই বিচৰাত পৃথিৱীৰাজ নাৰ্জাৰীয়ে গেৰেমছাক মাগুৰমাৰী লৈ মাতি পঠাইছিল ।

বন্ধু এজনক লৈ গেৰেমছাই মাগুৰমাৰীলৈ যাব ধৰোতে পুনৰাই পৃথিৱীৰাজে ফোন কৰি তেওঁ ক'ত আছে বুলি সোধে । গেৰেমছাই বন্ধু এজনক লৈ মাগুৰমাৰীলৈকে গৈ আছো বুলি কোৱাত পৃথিৱীৰাজে বন্ধুজনক লৈ আহিলে টকা নাপাবি বুলি কৈ দিয়ে । অগ্যতা ধাৰে লোৱা ৫০০ টকা ঘূৰাই পোৱাৰ আশাত গেৰেমছাই বন্ধুজনক নমাই দি মাগুৰমাৰীত উপস্থিত হয়।

পাঁচশ টকা ঘূৰাই দিম বুলি নিৰ্জন ঠাইত মাতি নি ওলোটাই গেৰমছাৰ সতে কাজিয়াত লিপ্ত হয় পৃথিৱীৰাজ নাৰ্জাৰী। কাজিয়াৰ পৰিণতিত বন্ধুৰ পেটত দেগাৰ সোমাই দিয়ে বন্ধুয়ে। প্ৰাণৰ মমতাত গেৰেমছা নাৰ্জাৰী দৌৰ মাৰে যদিও আন দুই বন্ধুৰ সহযোগত গেৰমছাক আটক কৰি মূৰটো শিলত থেকেচা মাৰি নলাত বগৰাই দি তাৰ পৰা মোবাইল , স্কুটি লৈ পলায়ন কৰে । পিছৰদিন পুৱা আকৌ ঘটনাস্থলী উপস্থিত হৈ গেৰেমছা নাৰ্জাৰীৰ মৃত্যু হৈছে নাই সেয়া নিশ্চিত কৰে অভিযুক্তই ।

ইপিনে উক্ত হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়ে । মৃতদেহ উদ্ধাৰ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে মূল অভিযুক্ত বুলি চিহ্নিত কোকৰাঝাৰ সদৰ চহৰৰ বড়ো ভাতাৰমাৰীৰ পৃথিৱীৰাজ নাৰ্জাৰী (১৯)ক কালি নিশাই আৰক্ষীয়ে আটক কৰে। আনহাতে আজি বিয়লি হত্যাকাণ্ডৰে জড়িত আটক কৰা আন দুগৰাকী নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

ইপিনে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই সদৰি কৰা মতে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰাই আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আগবঢ়াই নিছিল । আৰক্ষীয়ে তদন্তত অগ্ৰগতি লাভ কৰে আৰু কালি নিশাই অভিযুক্ত হত্যাকাৰীক কৰায়ত্ব কৰাৰ বাবে অভিযান চলায়। আৰক্ষীয়ে গেৰেমছা নাৰ্জাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বড়ো ভাতাৰমাৰীৰ পৃথিৱীৰাজ নাৰ্জাৰীক কালি নিশাই গ্ৰেপ্তাৰ কৰে আৰু আন দুগৰাকী নাবালকক আজি বিয়লি আটক কৰে । হত্যাকাণ্ডৰ মূল অভিযুক্ত পৃথিৱীৰাজ নাৰ্জাৰী বুলি মন্তব্য কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই কয় যে ব্যক্তিগত আখেজ , মোবাইল ফোন আৰু টকা -পইচাৰ লেনদেনক লৈ হত্যাকাণ্ডটো সংঘটিত হৈছিল ।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 129(B)/302/379 মৰ্মে এক গোচৰ (নং ৪২৯/২০২৩) ৰজু হৈছে । আৰক্ষীয়ে মূল অভিযুক্ত পৃথিৱীৰাজ নাৰ্জাৰীক আজি আদালতত হাজিৰ কৰাই পাঁচদিনৰ আৰক্ষী জিন্মাত বিচাৰিছিল যদিও আদালতে চাৰিদিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে । মাথো পাঁচশ টকাৰ বাবে সংঘটিত হোৱা উক্ত হত্যাকাণ্ডৰ নৃশংসতাই কোকৰাঝাৰক জোঁকাৰি গৈছে ।

Also Read: পৃথিৱীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মানুহজন- আপুনি

Assam police