আৰণ্যকৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান ননৈৰ কাশ্যপী শৰ্মাৰ…

আৰণ্যকৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান ননৈৰ কাশ্যপী শৰ্মাৰ…

author-image
asomiyapratidin
New Update
আৰণ্যকৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান ননৈৰ কাশ্যপী শৰ্মাৰ…

ডিজিটেল সংবাদ বঢ়মপুৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবেশ সংৰক্ষণ সংস্থা আৰণ্যকে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে । নগাঁৱৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কাশ্যপী শৰ্মাই আৰণ্যকে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰাত ননৈ অঞ্চলৰ ৰাইজ গৌৰৱান্বিত হৈ পৰিছে ।কাশ্যপীৰ সফলতাত এতিয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈছে ।

"মানব জীৱনত আদ্ৰভূমিৰ কেনেকৈ সহায়" শীৰ্ষক বিষয়ৰ ওপৰত ৰচনা লিখি ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কাশ্যপী শৰ্মাই । ছাত্ৰীগৰাকীৰ এই সফলতাৰ পাছতেই শুকুৰবাৰে ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে কাশ্যপী শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে ।

nagaon assam আৰণ্যকৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান ননৈৰ কাশ্যপী শৰ্মাৰ