শ্ৰীভূমিত ৩.৫ কোটিৰ নিষিদ্ধ দ্ৰব্য জব্দঃ  গ্ৰেপ্তাৰ দুই মহিলা সৰবৰাহকাৰী...

শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ নিলাম বাজাৰ ষ্টেচন এলেকাৰ পৰা বুজন পৰিমাণৰ হেৰ'ইনসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
অবৈধ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ শিলচৰ: নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে।‌ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জিলাখনৰ নিলাম বাজাৰ ষ্টেচন এলেকাৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।‌ 

Advertisment

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে,  গোপন তথ্যৰ ভিত্তিত ষ্টেচনৰ ওচৰত এক বিশেষ অভিযান চলোৱা হৈছিল। অভিযান কালত দুগৰাকী মহিলাৰ পৰা ৫৩ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়।‌ 

শ্ৰীভূমিত ৩.৫ কোটিৰ নিষিদ্ধ ড্ৰব্য জব্দঃ  গ্ৰেপ্তাৰ দুই মহিলা সৰবৰাহকাৰী 

বাকচ কেইটাৰ পৰা মুঠ ৬১৬.২৪ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৩.৫ কোটি টকা। 

শ্ৰীভূমিত ৩.৫ কোটিৰ নিষিদ্ধ ড্ৰব্য জব্দঃ  গ্ৰেপ্তাৰ দুই মহিলা সৰবৰাহকাৰী 

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰে আৰক্ষীৰ সূত্ৰটোৱে। ইফালে, এই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমি আৰক্ষীক ধন্যবাদ জনাইছে। 

শ্ৰীভূমিত ৩.৫ কোটিৰ নিষিদ্ধ ড্ৰব্য জব্দঃ  গ্ৰেপ্তাৰ দুই মহিলা সৰবৰাহকাৰী 

নিজৰ ফেচবুক একাউণ্টত নিচাজাতীয় সামগ্ৰী সমূহৰ ফটো আপলোড কৰি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব। ড্ৰাগছ কাৰবাৰৰ সৈতে জড়িত লোকৰ প্ৰতি কোনো দয়া নাই। আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানৰ কোনো বিৰতি নাই। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা অসম আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান