ৰাতাবাড়িত প্ৰশাসনৰ 'তাণ্ডৱ' : উচ্ছেদিত হ'ল ৪০টা পৰিয়াল

ৰাতাবাড়িত প্ৰশাসনৰ 'তাণ্ডৱ' : উচ্ছেদিত হ'ল ৪০টা পৰিয়াল

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰে দিয়া সকিয়নি মতে ৰাতাবাড়িৰ মন্দিৰ জ্বলোৱা উপজাতি গাঁৱত সোমবাৰে চলিছে প্ৰশাসনৰ বুলডোজৰ। ৰাতাবাড়িৰ উপজাত গাঁও দামছৰা পুঞ্জিত উপজাতি লোকৰ মাটি বেদখলকাৰী ৪০ টা ভিন্ন সম্প্ৰদায়ৰ পৰিয়ালক উচ্ছেদ কৰাৰ বাবে চলিছে প্ৰশাসনৰ বুলডোজৰ।

ৰামকৃষ্ণনগৰ চক্ৰ আধিকাৰিক সতীশ প্ৰসাদ গুপ্তা আৰু ৰাতাবাড়ি থানাৰ অচি উত্তম অধিকাৰীয়ে বিশাল পুলিচ আৰু চি আৰ পি বাহিনী লৈ চলাই আছে এই উচ্ছেদ অভিযান। ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰ সকিয়নি দিছিলে "সিহঁতে শিৱ মন্দিৰ জ্বলাই দিলে, এতিয়া শিৱৰ তাণ্ডৱ নৃত্য হ'ব ইয়াত"। ফলতে বুলডোজৰৰ জৰিয়তে তাত আৰম্ভ হৈছে তাণ্ডৱ।

উল্লেখ্য শ শ বছৰ ধৰি দামছৰা পুঞ্জীত জনজাতীয় বৰ্মন লোকে শান্তিপূৰ্ণভাৱে বাস কৰি আহিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা ভিন্ন সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ বেছিভাগ মাটি বেদখল কৰি ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আনকি চৰকাৰী তথ্য অনুসৰি ২০০ বছৰীয়া পৰম্পৰাগত মন্দিৰৰ ৩০ বিঘা মাটিৰ অধিকাংশই আগ্ৰাসীসকলে বেদখল কৰি ৰাখিছে।

যোৱা ৭ নবেম্বৰৰ নিশাত তাতে থকা শতিকা পুৰণি শিৱ আৰু নাৰায়ণ মন্দিৰ পেট্ৰোল ঢালি জ্বলাই দিছিল এদল দূষ্কৃতিকাৰীয়ে। সমগ্ৰ অসমতে মন্দিৰ জ্বলোৱা এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিষয়টোক গুৰুত্ব দি বাতৰি পৰিৱেশন কৰা হৈছিল।

পৰৱৰ্তীসময়ত আৰক্ষীৰ অভিযানত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ মাজতে মুখ্য অভিযুক্ত তথা মন্দিৰ জ্বলোৱা ঘটনাৰ মুখ্য অভিযুক্ত আনোৱাৰ আলী পলাই যোৱাৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হৈছিল। সোমবাৰে সেই ঠাইত প্ৰশাসনে উচ্ছেদ অভিযান চলাই উপজাতি লোক সকলৰ মাটি বেদখলকাৰী ভিন্ন সম্প্ৰদায়ৰ লোকৰ ঘৰ দুৱাৰ ভাঙি তেওঁ লোকক খেদি পঠিওৱাৰ বাবে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

ৰাতাবাড়িত প্ৰশাসনৰ 'তাণ্ডৱ' : উচ্ছেদিত হ'ল ৪০টা পৰিয়াল
শিল্পী অজিত শৰ্মাৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in