/asomiyapratidin/media/media_files/2025/04/09/MaHQG4iyW6C3iMI6RtmG.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ট্ৰেডিং কেলেংকাৰী। ইতিমধ্যে কেইবাজনো লোকক ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে যদিও এই কেলংকাৰী অন্ত পৰা নাই। পুনৰ বৰাকত ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰৰ পাছতে ট্ৰেডিং কেলেংকাৰীৰ বিষয়টো পুনৰ এবাৰ চৰ্চালৈ আহিছে।
উল্লেখ্য যে, বৰাকত গ্ৰেপ্তাৰ হোৱা ট্ৰেডিং কেলেংকাৰীৰ এই খলনায়কজনৰ নাম আবু চুফিয়ান চৌধুৰী। তেওঁ পেচাত এজন শিক্ষক। টেটৰ জৰিয়তে নিযুক্তি প্ৰাপ্ত শিক্ষক আবু চুফিয়ান চৌধুৰীৰ বদৰপুৰত আছে এখন ব্যক্তিগত বিদ্যালয়। এইদৰে চৰকাৰী নিয়ন উলংঘন কৰি নিজেই চৰকাৰী বিদ্যালয়ৰ শিক্ষক হৈয়ো ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি লোৱা আবু চুফিয়ান চৌধুৰীয়ে অনলাইন ট্ৰেডিং কেলেংকাৰীও চলাই আহিছিল।
জানিব পৰা মতে শেহতীয়াকৈ তেওঁ দীৰ্ঘদিন ধৰি কৰ্তব্যৰত বিদ্যালয়ত উপস্থিত নাছিল। তেওঁ সংঘটিত কৰা ট্ৰেডিং কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিদ্যালয়ৰ পৰা ছুটী লৈ পলাই আছিল। অভিযোগ অনুসৰি শ্ৰীভূমি জিলাত তেওঁ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰিছিল।
এইগৰাকী প্ৰবঞ্চকক বদৰপুৰৰ এটা গোপন স্থানৰপৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অভিযোগ অনুসৰি অনলাইন ট্ৰেডিঙৰ নামত শ্ৰীভূমি তথা বৰাক উপত্যকাৰ ভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰি আত্মগোপন কৰিছিল আবু চুফিয়ান চৌধুৰীয়ে।
শিক্ষক আবু চুফিয়ান চৌধুৰী অন লাইন ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হলেও শ্ৰীভূমিৰ শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। শিক্ষকতাৰ দৰে মহান কৰ্তব্যত জড়িত হৈয়ো তেওঁ এইদৰে প্ৰবঞ্চনাৰ জাল পাতি বিভিন্ন জনৰ পৰা ধন লুণ্ঠন কৰাৰ সমান্তৰালকৈ নিজাকৈ এখন বিদ্যালয়ৰ গৰাকী হোৱাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিভাগীয় ভাৱে এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উঠিছে।
তাৰোপৰি শিক্ষকতাৰে জড়িত হৈ এনেদৰে সমাজবিৰোধী কামত লিপ্ত আবু চুফিয়ান চৌধুৰীৰ দৰে ব্যক্তিৰ কাম-কাজক লৈ চিন্তিত বৌদ্ধিক মহল।