মৃতদেহো সাৰি নাযায়! জঘন্য কাণ্ড কৰি গ্ৰেপ্তাৰ এজন

মৃতদেহো সাৰি নাযায়! জঘন্য কাণ্ড কৰি গ্ৰেপ্তাৰ এজন

author-image
Asomiya Pratidin
New Update
মৃতদেহো সাৰি নাযায়! জঘন্য কাণ্ড কৰি গ্ৰেপ্তাৰ এজন

ডিজিটেল ডেস্কঃ একাংশ পাষাণলোকৰ কবলৰ পৰা বাচি নাযায় মৃতদেহো কৰিমগঞ্জ চহৰত সংঘটিত হৈছে এনে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মৰ্গত মৃতদেহৰ সৈতে সংঘটিত হৈছে এক জঘন্য ঘটনা। আৰক্ষীয়ে ইতিমধ্যে এই জঘন্য ঘটনাৰে জড়িতৰ অভিযোগত ৰবিদাস পদবিৰ থাপাই কৰ্মী এজনক আটক কৰিছে ।

Advertisment

মানৱতাক লজ্জিত কৰা এই ঘটনা সংঘটিত হৈছে চিকিৎসালয়খনৰ মৰ্গৰ ভিতৰত । জানিব পৰা মতে জিলাখনৰ বাজাৰিছেৰা এলেকাৰ এগৰাকী মৃত মহিলাৰ মৃতদেহ ৰখা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মৰ্গত । তেনে অৱস্থাত ৰবিদাস পদবিৰ এগৰাকী ছাফাই কৰ্মীয়ে মৃত মহিলাৰ সৈতে ধৰ্ষনৰ দৰে জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

এই ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্তক সোধা পোচা অব্যাহত ৰাখি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: পেৰিছত অগ্নিকাণ্ডঃ নিহত ৩জন

Assam police