কৰিমগঞ্জত গৃহস্থৰ চকুত কাপোৰেৰে বান্ধি ডকাইতৰ লুটপাত

কৰিমগঞ্জত গৃহস্থৰ চকুত কাপোৰেৰে বান্ধি ডকাইতৰ লুটপাত

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ কৰিমগঞ্জৰ কালিগঞ্জ এলেকাৰ ফতেহপুৰ গাঁৱত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। দেওবাৰে নিশা গাঁৱৰ দিলীপ আচাৰ্যৰ ঘৰত প্ৰৱেশ কৰি অস্ত্ৰধাৰী ডকাইতৰ দলে লুটি নিয়ে নগদ ধন সহ সোণৰ আ-অলংকাৰ ।

খবৰ অনুসৰি দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফতেহপুৰ পঞ্চায়তৰ তিনি নম্বৰ ৱাৰ্ড'ৰ দিলীপ আচাৰ্যৰ ঘৰত ডকাইতৰ দলে দৰজা ভাঙি প্ৰৱেশ কৰে নিশা লুটপাত চলায়।

নিশা ঘৰত অকলে থকা দিলীপ আচাৰ্যৰ ঘৰত ৪/৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে প্ৰৱেশ কৰি শুই থকা অৱস্থাতে দিলীপ আচাৰ্যৰ চকু কাপোৰেৰে বান্ধি ঘৰখনত লুটপাত চলায়। আলমিৰাৰ পৰা ১ লাখ ২৫ হেজাৰ টকা সহ সোণৰ আ-অলংকাৰ লুটি নিয়ে । ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় কোনো দুষ্কৃতিকাৰীৰ দলে এই ঘটনা সংঘটিত কৰিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

কৰিমগঞ্জত গৃহস্থৰ চকুত কাপোৰেৰে বান্ধি ডকাইতৰ লুটপাত
মঙলদৈত চৰকাৰী পেন্সনাৰ সন্থাৰ সাধাৰণ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in