অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়তে আটক বাংলাদেশী যুৱক...

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়তে আটক বাংলাদেশী যুৱক...

author-image
Asomiya Pratidin
New Update
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়তে আটক বাংলাদেশী যুৱক...

ডিজিটৈল সংবাদ,শিলচৰ : নিশাৰ অন্ধকাৰৰ সুবিধা লৈ কুশীয়াৰা নৈ সাতুৰি ভাৰতত প্ৰৱেশ কৰাৰ সময়ত কৰিমগঞ্জত এজন‌ বাংলাদেশী যুৱকক আটক কৰিছে বিএছএফে।‌ মঙলবাৰে নিশা কৰিমগঞ্জ - বাংলাদেশ সীমান্তৰ কুশীয়াৰা নৈ সাতুৰি কৰিমগঞ্জ সীমাত প্ৰবেশ কৰা সময়ত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ ১৬ নং বেটেলিয়ানে আটক কৰে বাংলাদেশী যুৱকজনক।

Advertisment

ধৃত বাংলাদেশী যুৱকজনৰ পৰা দুখন পৰিচয় পত্ৰ উদ্ধাৰ কৰা হয়। এখন পৰিচয় পত্ৰত প্ৰাণজিত ৰয় আৰু আন খনত তিমু বৌদ্ধ বুলি লিখা আছে। দুয়োখন পৰিচয় পত্ৰত উল্লেখ থকা প্ৰাণজিত ৰয় আৰু তিমু বৌদ্ধৰ ঘৰ বাংলাদেশৰ জকিগঞ্জ উপজিলাৰ সদৰপুৰ গাঁৱত । বাংলাদেশী জনক জেৰা কৰাৰ পিছত কৰিমগঞ্জ আৰক্ষীক গতাই দিয়ে বি এছ এফে ।

ইফালে, কি উদ্দেশ্য লৈ বাংলাদেশী জনে নিশাৰ‌ অন্ধকাৰত নৈ পাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।‌ বাংলাদেশী যুবক জনৰ প্ৰকৃত নাম কি আৰু কিয় তেওঁ ভাৰতলৈ আহিছে সেই বিষয়ে অধিক জানিবলৈ বি এছ এফ আৰু আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Also Read: কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি

BSF