আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ডিজিটেল সংবাদ,কৰিমগঞ্জ : ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ যোৱাৰ সময়ত এখন ট্ৰাকৰ পৰা কৰিমগঞ্জ জিলাৰ চুৰাইবাৰী আৰক্ষীয়ে প্ৰায় ৩ কোটি মূল্যৰ গাঞ্জা জব্দ কৰে। অসমত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখনৰ নম্বৰ হৈছে- TR 01 AC 1686 । এই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৬০০ কে জি গাঞ্জা উদ্ধাৰ কৰে। আগৰতলাৰ পৰা আহি থকা ৬ চকীয়া ট্ৰাকখনক আৰক্ষীক সংকেত দিয়াত চালকজনে ট্ৰাকৰ পৰা জপিয়াই পলায়ন কৰে।

সেই মুহূৰ্তত আৰক্ষীয়ে লগে লগে ট্ৰাকখনত তালাচী চলায়। আৰক্ষীৰ এই অভিযানত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৫৮টা পেকেটত প্ৰায় ৬০০ কেজি গাঞ্জা উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in