/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/81e978d5-e776-493c-b7e5-1ba815ae96e9/WhatsApp_Image_2022_07_19_at_8_1_2.jpg)
karimganj pfi office sealed
ডিজিটেল ডেস্ক : বুধবাৰে দেশত নিষিদ্ধ হ'ল মৌলবাদী ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি.এফ.আই। উল্লেখ্য যে গণতন্ত্ৰ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰে পি.এফ.আইক।
দেশত পি.এফ.আই নিষিদ্ধ হোৱাৰ লগে লগে অসমৰ কৰিমগঞ্জৰ ভাংগাত থকা পি.এফ.আইৰ কাৰ্যালয় ছীল কৰা হয়। দণ্ডাধীশ, চক্র বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে কাৰ্যালয়টো ছীল কৰে। উল্লেখ্য যে নিয়াৰ অভিযানত ভাংগাস্থিত কাৰ্যালয়টোত কৰ্মৰত বাজলুল কৰিম নামৰ এজন সদস্য গ্রেপ্তাৰ হৈছিল।
অসমকে ধৰি প্ৰায় ৭খন ৰাজ্যত চলা এই পি.এফ.আইৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল ২৩০ৰো অধিক সদস্য।