কৰিমগঞ্জত বজৰং দলৰ সদস্যক মৰিয়াই মৰিয়াই হত্যা...

এক লোমহৰ্ষক হত্যা কাণ্ডই জোকাৰিছে কৰিমগঞ্জ। এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে সংঘটিত হয় এই হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত বজৰং দলৰ সদস্যক মৰিয়াই মৰিয়াই হত্যা...

ডিজিটেল ডেস্ক: এক লোমহৰ্ষক হত্যা কাণ্ডই জোকাৰিছে কৰিমগঞ্জ। এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে সংঘটিত হয় এই হত্যাকাণ্ড।

Advertisment

হত্যাৰ বলি যোৱা যুৱকজন বজৰং দলৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।প্ৰশিক্ষণৰ পৰা উভতি অহাৰ সময়তে এই হত্যাকাণ্ড সংঘটিত হয়।মৃত্যু হোৱা যুৱকজনৰ মান শম্ভূ কৈৰী বুলি জানিব পৰা গৈছে।

ছেলিমুদ্দিন নামৰ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। উত্তেজিত জনতাই আৰক্ষী থানাও ঘেৰাও কৰে। অৱশ্যে কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

আৰু পঢ়ক: ভাৰত জোড়ো যাত্ৰাত আজি দেখা যাব কেৱল মহিলাসকলক...

assam murder crime Assam police