পঞ্চভূতত বিলীন হ'ল বড়ো সংগ্ৰামী নেতা তথা প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰী

পঞ্চভূতত বিলীন হ'ল বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ প্ৰাক্তন বিধায়ক বড়ো জনগোষ্ঠীৰ বৌদ্ধিক মহলৰ অন্যতম অভিভাৱক কৰেন্দ্ৰ বসুমতাৰী।

author-image
Asomiya Pratidin
New Update
৬ অক্টোবৰত বি টি আৰত স্থানীয় বন্ধ ঘোষণা...

ডিজিটেল সংবাদ, ওৰাং: পঞ্চভূতত বিলীন হ'ল বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ প্ৰাক্তন বিধায়ক বড়ো জনগোষ্ঠীৰ বৌদ্ধিক মহলৰ অন্যতম অভিভাৱক কৰেন্দ্ৰ বসুমতাৰী। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ৰাজনীতিত আত্ম প্ৰকাশ কৰি ১৯৯১ চনত প্ৰথম বাৰৰ বাবে পানেৰী বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ লগতে ২০০১ চনত দ্বিতীয়বাৰ আৰু ২০০৬ চনত তৃতীয় বাৰৰ বাবে মাজবাট বিধানসভা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বসুমতাৰী।

Advertisment

একেধাৰে বড়ো সংগ্ৰামী, ছাত্ৰ নেতা, ৰাজনীতিবিদ, সমাজসেৱা, শিক্ষকতা, নাটক আৰু অভিনয়ৰ লগত জড়িত থকাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ অগ্নিবৃষ্টিত বোলছবিত বিশেষ চৰিত্ৰত অভিনয় কৰি বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰয়াত প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰী।

কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে। অজস্ৰ গুণমুগ্ধ, শুভাকাংক্ষী, সতীৰ্থই বসুমতাৰীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাই সোঁৱৰিলে নেতা গৰাকীৰ কৰ্মৰাজিক। ১৯৮৩ চনৰ পৰা ১৯৮৬ চনলৈকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে।বড়ো জাতিক একত্ৰিত কৰাত অপৰিসীম অৱদান আছিল কৰেন্দ্ৰ বসুমতাৰীৰ।

কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাই অৰ্ধনমিত কৰিলে এবছুৰ পতাকা। নেতা গৰাকীৰ আত্মাৰ সদগতিৰ কামনাৰে ২৪ খন জিলাত গ্ৰহণ কৰিব বন্তি প্ৰজ্বলন অনুষ্ঠান। সমান্তৰালকৈ কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শ্ৰদ্ধা জনাই বিটিচি চৰকাৰে অহা ৬ অক্টোবৰত বিটিচি বন্ধ ঘোষণা কৰাৰ লগতে শোক দিৱস পালন কৰাৰ কথা অৱগত কৰে প্ৰমোদ বড়োৱে।

তেওঁৰ নীতি আদৰ্শ আৰু বড়ো জাতিৰ বাবে আগবঢ়োৱা অৱদান জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিটিচি চৰকাৰে। কৰেন্দ্ৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধা জনাই এই মন্তব্য আগবঢ়ায় বিটিচি প্ৰধান প্ৰমোদ বড়ো‌য়ে। মঙলবাৰে এবছুৰ উদ্যোগত কৰেন্দ্ৰ বসুমতাৰীৰ নশ্বৰ দেহ লৈ ৰৌতাৰ বাসগৃহৰ পৰা উলিওৱা হল শোভাযাত্ৰা।

শোভাযাত্ৰাৰ পথত ঠায়ে-ঠায়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনায় বসুমতাৰীৰ নশ্বৰ দেহত। ওদালগুৰি জিলাৰ ব্ৰহ্ম মন্দিৰ, ওদালগুৰি জিলাৰ এবছুৰ কাৰ্যালয়, জিলা ইউপিপিএলৰ মুখ্য কাৰ্যালয়, ৰৌতা মহাবিদ্যালয়, ধনশ্ৰীঘাট, ওৰাং, বড়োবজাৰ, গেৰুৱা আদিকে ধৰি বিভিন্ন অঞ্চলত লৈ যোৱা হয় কৰেন্দ্ৰ বসুমতাৰীৰ নশ্বৰ দেহ।

ছয় ঘন্টা জোৰা শোভাযাত্ৰাৰ অন্তত ব্ৰহ্ম সমাজৰ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় বসুমতাৰীৰ জন্মস্থান দিয়াবাৰীত। মৃত্যুৰ পূৰ্বেই পৰিয়ালৰ লোকক জন্মস্থানত শেষকৃত্য সম্পন্নৰ কথা কৈছিল কৰেন্দ্ৰ বসুমতাৰীয়ে। ব্ৰহ্মধৰ্মৰ একান্ত সেৱক কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শোকত কাতৰ হৈছে সদৌ অসম ব্ৰহ্ম সমাজ। বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক বসুমতাৰীৰ মৃত্যুত। বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ লগতে গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।

assam died orang