নিঃশেষ হোৱাৰ দিশে কাৰ্বি পাহাৰৰ সম্পদ, ডেভিদ ফাংচৌক ইটোৰ পিছত সিটোকৈ গতাই দিছে মূল্যবান সম্পদৰ খনি…

নিঃশেষ হোৱাৰ দিশে কাৰ্বি পাহাৰৰ সম্পদ, ডেভিদ ফাংচৌক ইটোৰ পিছত সিটোকৈ গতাই দিছে মূল্যবান সম্পদৰ খনি…

author-image
asomiyapratidin
New Update
নিঃশেষ হোৱাৰ দিশে কাৰ্বি পাহাৰৰ সম্পদ, ডেভিদ ফাংচৌক ইটোৰ পিছত সিটোকৈ গতাই দিছে মূল্যবান সম্পদৰ খনি…

ডিজিটেল ডেস্ক : কাৰ্বি আংলঙৰ মূল্যবান পাথৰৰ ওপৰত চকু অসম তথা কেন্দ্ৰীয় চৰকাৰৰ। কাৰ্বি আংলং পাহাৰৰ ক'লা হীৰাতকৈও মূল্যবান মেংগানীজ, কোৱাৰ্টাইজ, চিলিকনাইটকে ধৰি বহুমূলীয়া পাথৰৰ হ'ব খনন কাৰ্য্য। উল্লেখযোগ্য যে চাৰবোৰা বে গাঁওৰ ব্লক ৩ শিল খননৰ অনুমতি দিছিল ডেভিড ফাংচৌক। কিন্তু সেই অঞ্চলৰ পৰিৱৰ্তে পাহাৰৰ বিভিন্ন ঠাইত আৰম্ভ কৰিছে খনন কাৰ্য্য। আৰু ইয়াৰ নেতৃত্বত আছে শান্তিপুৰৰ কুখ্যাত কয়লা মাফিয়া দ্বীপ শইকীয়া। এইগৰাকী দ্বীপ শইকীয়াই এতিয়া চলাই আহিছে অবৈধ পাহাৰ খনন কাৰ্য্য।

Advertisment

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু বতৰ মন্ত্ৰালয়ে এই সমূহ সম্পদৰ খনন আৰু সৰবৰাহৰ অনুমোদন প্ৰদান কৰিছে আৰু এই খনন কাৰ্য্য অতি সোনকালে শুভ উদ্বোধন কৰিব মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাৰ্বি আংলং পাহাৰসমূহৰ সৌন্দৰ্য্য ধংশ কৰি মূল্যবান সম্পদসমূহ ৰপ্তানি কৰি ৰাজহ সংগ্ৰহ কৰিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ, অসম আৰু কেন্দ্ৰীয় চৰকাৰে। ৬০-৪০ ভাগ কৰা হ'ব এই ৰাজহ। ৬০ শতাংশ যাব কাৰ্বি আংলং স্বায়ত্ব পৰিষদলৈ আৰু বাকী ৪০ শতাংশ অসম তথা কেন্দ্ৰীয় চৰকাৰলৈ।

ইতিমধ্যে মূল্যবান পাথৰ সমূহ ল'বলৈ বহু ব্যক্তি তথা অনুষ্ঠানে বাহৰ পাতিছে গোলাঘাট তথা কাৰ্বি আংলঙত । সেউজ পাহাৰৰ বাবে বিশ্ব বিখ্যাত কাৰ্বি পাহাৰ কিয় সামান্য ৰাজহৰ বাবে শেষ কৰিব বিচাৰিছে স্বায়ত্ব পৰিষদে, সেইয়া এতিয়া সচেতন ৰাইজৰ চৰ্চা চলিছে।

আৰু পঢ়ক : ডুমডুমীয়া বজাৰৰ পৰা ভুৱা চৰকাৰী পৰিচয় পত্ৰ বনোৱা দুই অপৰাধীক কৰায়ত্ত! উদ্ধাৰ আপত্তিজনক নথিপত্ৰ…

assam forest department of assam karbi anglong