/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ বৰবিল আৰু বেলগুৰিৰ মাজত থকা এখন ব্ৰইলাৰ ফ্ৰামত আজি এগৰাকী যুৱকে আত্মহত্যা কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে আজি সন্ধিয়া প্ৰায় ৭ মান বজাত ফ্ৰামখনত সুনীল মূড়া নামৰ ২২ বছৰীয়া যুৱকজনে চিপ লৈ আত্মহত্যা কৰে।
সুনীৰ মূড়াৰ প্ৰকৃত ঘৰ নগাওঁ জিলাত। তেওঁ কৰ্মসূত্ৰে হাওৰাঘাটৰ জিণ্টু হাজৰিকাৰ ব্ৰইলাৰ ফ্ৰামত যোৱা কেইবাবছৰ ধৰি আছিল। ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীক খবৰ দিয়া হয়।
স্থানীয় আৰক্ষীয়ে পাছত আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। অৱশ্যে বাতৰি লিখাৰ সময়লৈকে মৃতদেহটো হাওৰাঘাট আৰক্ষী থানাতে আছে।
কিন্তু কি কাৰণত সুনীলে এইদৰে আত্মহত্যাৰ পথ বাছি ল'লে সেই বিষয়ে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে এই বিষয়ে জানিব পৰা যাব।