/asomiyapratidin/media/media_files/2025/04/25/cr2iDZqRMKwZKNxa4c8L.jpg)
ডিজিটেল সংবাদ হামৰেণঃ সমগ্ৰ অসমৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে সজাগতা বৃদ্ধি আৰু মেলেৰিয়া প্ৰতিৰোধৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি জিলাখনৰ বিভিন্ন অঞ্চলত সজাগতামূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুম্বপথাৰ আৰু উম্পানাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত থাৰভেলাংছ’ত দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয়।
এই অনুষ্ঠানৰ অংশ হিচাপে জিলাৰ স্বাস্থ্যকৰ্মীসকলে মহৰ কামোৰ প্ৰতিৰোধ আৰু মেলেৰিয়াৰ সংক্ৰমণ হ্ৰাস কৰাত ল'বলগীয়া বিভিন্ন কাৰ্যপন্থাক লৈ উপস্হিত থকা ৰাইজক সজাগ কৰে। ৰাইজ সকলৰ মাজত মেলেৰিয়া ৰোগীক আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ সুবিধাৰ বাবে ব্লাড শ্লাইদ সংগ্ৰহৰ অভিযান চলোৱাৰ লগতে কীটনাশক দ্ৰৱ্যৰে পৰিস্ৰাৱন কৰা আঠুৱা বিতৰণ কৰা হৈছিল।
ইয়াৰ উপৰিও উম্পানাইস্থিত থাৰভেলাংছ’ কাৰ্বি মাধ্যম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে ৰাষ্ট্ৰীয় বাহক বেমাৰ নিয়ন্ত্রণ কাৰ্যসূচী, পশ্চিম কাৰ্বি আংলঙৰ এটি দলে সজাগতামূলক বক্তব্য প্ৰদান কৰে । ৰাষ্ট্ৰীয় বাহক বেমাৰ নিয়ন্ত্রণ কাৰ্যসূচী, পশ্চিম কাৰ্বি আংলঙৰ তৰফৰ পৰা মহৰ প্ৰজনন স্থানসমূহ ধ্বংস কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। এই পদক্ষেপসমূহে অনাগত দিনত জিলাখনত মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়া আৰু জনস্বাস্থ্য উন্নত কৰাত যথেষ্ট সহায়ক হ'ব ।