/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/dedbeb09-2139-417b-bed3-f439bf025790/400.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰখীয়া পুখুৰী গাঁৱৰ খেতিপথাৰৰ লগতে হাওৰাঘাট অঞ্চলৰ বিভিন্ন ঠাইত বিগত বৰ্ষত পানীৰ অভাৱত খেতিয়ক ৰাইজে খেতি কৰিব নোৱাৰাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ পথাৰসমূহ চন পৰি ৰৈছিল । অঞ্চলটোৰ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকা বাবে বৰষুণৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকল।
তেঁওলোকে প্ৰত্যেক বছৰে আকাশলৈ চাই বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হয় । সেয়ে নিজাববীয়াকৈ চিন্তা কৰি কৃষকসকলে কাৰ্ককৰ দীঘলপানী নদীৰ পানী নলা খান্দি পানী বোৱাই আনিবলৈ চিন্তা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b9a2b16-2167-4503-84d3-df78b2f9d853/721d40dd-b6d8-44e7-80be-1b6525144897.jpg)
এই চিন্তাৰে ৰাইজে দান-বৰঙণিৰে এক্সেভেটৰৰে প্ৰায় ১.৫ কিলোমিটাৰ নলা খন্দোৱাই। ইয়াৰ পিছতে পুনৰ গৰখীয়া পুখুৰী গাঁৱৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ দূৰত থকা ৰেণছিং ৰংপী গাঁৱৰ চাপং পাহাৰস্থিত দীঘলপানী নদীৰ পানী বোৱাই আনিবলৈ চিন্তা-চৰ্চা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/555808d6-bed3-4a08-931e-5dc899a8d7e1/8148bf9e-e2a8-4bf2-81e9-e3c9df5d5fe9.jpg)
চিন্তাৰ ফলশ্ৰুতিতে পাহাৰৰ ভিতৰত থকা চাৰিখনকৈ শ্লুইচ গেইট খুলি বৃহস্পতিবাৰে গৰখীয়া পুখুৰী গাঁৱৰ খেতিপথাৰত পানী বোৱাই আনিবলৈ সক্ষম হোৱাত অঞ্চলটোৰ কৃষক ৰাইজৰ মুখলৈ হাঁহি বিৰিঙি উঠিছে । ৰাইজে নলা খান্দি পানী বোৱাই অনাৰ পিছত কঠিয়া ৰোপণৰ বাবে বৰ্তমান সহজ হৈ পৰিছে ।
এই সন্দৰ্ভত ভৱিষ্যতে অসম চৰকাৰ তথ কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে যাতে কৃষকৰ উপকাৰৰ কথা চিন্তা কৰি স্থায়ী পকী কেনেলৰ ব্যৱস্থা কৰে তাৰ বাবে কৃষক ৰাইজৰ ফালৰ পৰা অনুৰোধ জনায়।
Also Read: চলিছে সৰৱ চৰ্চা : কোন হ’ব বিজেপিৰ সভাপতি, কোন হ’ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী...