বৈঠালাংছ'ৰ ৰাজপথত বন্যহস্তীৰ খাদ্যৰ সন্ধানত মুক্ত বিচৰণ...

ৰাইজৰ মাজত আতংক
বৈঠালাংছ'ৰ ৰাজপথত বন্যহস্তীৰ খাদ্যৰ সন্ধানত মুক্ত বিচৰণ...
বৈঠালাংছ'ৰ ৰাজপথত বন্যহস্তীৰ খাদ্যৰ সন্ধানত মুক্ত বিচৰণ...

ডিজিটেল সংবাদ হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ'ৰ ৰাজপথত বন্যহস্তীৰ মুক্ত বিচৰণে বৈঠালাংছ' অঞ্চলত সাধাৰণ ৰাইজ আৰু পথচাৰীসকলৰ মাজত চলাচলৰ ক্ষেত্ৰত এক আতংকময় পৰিৱেশৰ সৃষ্টিৰ কৰিছে। যোৱা সময়ছোৱাত এই জিলাখনৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে মানুহৰ প্ৰাণ লোৱাটো সাধাৰণ খবৰ পৰিছে। এই সন্দৰ্ভত ইতিমধ্যে সবিস্তাৰে বাতৰি প্ৰকাশ হৈছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

তেনে এক সময়তে আজি বৈঠালাংছ' আৰু ৰজাগাওঁ পথত বন্যহস্তীৰ মুক্ত বিচৰনে ৰাইজৰ মাজত পুনৰ আতংকৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ পথযাত্ৰীসকলৰ বাবে বাট পথত দিনৰ পোহৰতে মুকলিকৈ আহ যাহ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷

সেয়ে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে ।

বৈঠালাংছ'ৰ ৰাজপথত বন্যহস্তীৰ খাদ্যৰ সন্ধানত মুক্ত বিচৰণ...
নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলনঃ এজন নিহতৰ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in