/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/805772d2-5072-473c-86d4-7d883516fd9e/karbi.jpg)
চমাংকান প্ৰথা পালনৰ প্ৰস্তুতি
ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ উদ্যোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পদাৰ্পন কৰি যোৱা লৰিংথেপিৰ কৃষি পথাৰত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি সকলৰ পৰম্পৰাগতভাৱে পালন কৰি অহা চমাংকান প্ৰথা পালনৰ বাবে ব্যাপক প্ৰস্তুতি । অহা ১৫, ১৬, ১৭ আৰু ১৮ এপ্ৰিলত পালন কৰা হ’ব চমাংকান ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4b199291-17b3-4087-9567-eb0b0374d78a/e0fa0f8c_ee7e_4d64_afc8_d4edad95faf5.jpg)
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিছে বিধায়ক দৰছিং ৰংহাঙে । বিধায়ক ৰংহাঙে সংবাদ জনোৱা অনুসৰি কাৰ্বি সকলৰ পুৰণি ৰীতি নীতিৰ পৰম্পৰাগতভাৱে চলি অহা চমাংকান প্ৰথা অনুসৰি কাৰ্বি সকলৰ এয়া হৈছে সমূহীয়া শ্ৰাদ্ধ বা দহা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c968f26a-ec7d-4123-bd9c-fc7de2f548c2/2e97811b_5ba9_43d6_b83e_75d3a33201e5.jpg)
কাৰ্বি সকলৰ চমাংকান প্ৰথাৰ এই সমূহীয়া শ্ৰাদ্ধ বা দহাত কাৰ্বি আংলং তথা হাওৰাঘাটবাসী সকলো ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে । ইপিনে এই সমূহীয়া শ্ৰাদ্ধ বা দহাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য, মুখ্য কাৰ্যবাহী সদস্য, সাংসদ আৰু অসমৰ বহু মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।
Also Read: চাবুৱাত ৯২বিঘা কৃষি ভূমিত বাওধানৰ বীজ সিঁচা প্ৰক্ৰিয়া সম্পন্ন...