বকলীয়াঘাটত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচিত সভাপতিক আদৰণি আৰু যোগদান সভা

বকলীয়াঘাটত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচিত সভাপতিক আদৰণি আৰু যোগদান সভা

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ বকলীঘাটত বুধবাৰে আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত নৱনিৰ্বাচিত সভাপতিক আদৰণি আৰু যোগদান সভা অনুষ্ঠিত কৰা হয় । নোমল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলাৰ নৱনিৰ্বাচিত সভাপতি জিতেন ৰংপিক দলীয়ভাৱে কাৰ্বি পহ'ৰে আদৰণি জনোৱা হয় ।

উক্ত সভাতে পূব কাৰ্বি আংলং জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমাহাচাওৰ প্ৰভাৰী হিচাপে দায়িত্ব লাভ কৰা ফুদিং টেৰাং, আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলাৰ সাধাৰণ সম্পাদক কাৰ্তিক বে' , ডিফু বিধানসভা সমষ্টিৰ সভাপতি ছাৰছিং টেৰণ, বোকাজান বিধানসভা সমষ্টিৰ সভাপতি চমাং টেৰণ আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ সভাপতি বাপুৰাম ৰংহাঙকো আদৰণি জনোৱা হয় ।

ইফালে সভাত বিভিন্ন অঞ্চলৰ পৰা অহা বিজেপি আৰু কংগ্ৰেছ দলৰ বহুকেইজন সদস্যই আম আদমি পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে । নতুনকৈ যোগদান কৰা আটাইকেইগৰাকীকে আপে আদৰণি জনাই আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

বকলীয়াঘাটত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচিত সভাপতিক আদৰণি আৰু যোগদান সভা
নগাঁৱত বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ : জুতি ল'লে থলুৱা খাদ্যৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in