/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/gkiur48r/sahid 23.jpg)
২৬ বছৰৰ পূৰ্বে ওলাই যোৱা ববী গগৈক পত্ৰৰ জৰিয়তে ছহিদ ঘোষণা...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰস্থিত ১ নং ৱাৰ্ডৰ বাসিন্দা চম্পা গগৈৰ একমাত্ৰ পুত্ৰ সন্তান তথা প্ৰাক্তন আলফা ববী গগৈ(টংকেশ্বৰ) বিগত ২৬ বছৰে নিৰুদ্দেশ হৈ থকাৰ পিছত শেহতীয়াকৈ শান্তি আলোচনাকাৰী প্ৰাক্তন আলফা নেতা অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াই পৰিয়ালক দিয়া এক পত্ৰৰ যোগেদি ছহিদ ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/wgng73ur/d0796c46-4e02-43f9-8c84-b2e77dff9f51.jpg)
পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি ২৬ বছৰৰ পূৰ্বেই আলফা সংগঠনলৈ যোৱাৰ পিছত ববী গগৈ ঘৰলৈ ঘূৰি নাহিল। ২৬ বছৰৰ অন্তত শান্তি চুক্তিকাৰী আলফা নেতৃত্বই ববী গগৈৰ পৰিয়াললৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁক ছহিদ ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/f0fsb30u/3e401f81-7331-491b-b82a-ca72bcbcf368.jpg)
ইয়াৰ পিছতে বৃহস্পতিবাৰে ববী গগৈৰ পৰিয়ালে হাওৰাঘাটৰ গাঁৱত তেওঁৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে। এই আদ্যশ্ৰাদ্ধৰ স্থলীৰ পৰাই পৰিয়াল আৰু কাৰ্বি আংলং জিলা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ হৈ প্ৰতাপ কোঁচ আৰু সদস্যা আৰতি বৰাই চৰকাৰৰ ছহিদৰ পৰিয়ালক দহ লাখ টকা এককালীন সাহাৰ্য প্ৰদান কৰিবৰ বাবে আহ্বান জনায়।
Also Read: বকলীয়াঘাটত শিক্ষকৰ ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...