/asomiyapratidin/media/media_files/2025/02/22/S8NYWf21LfKWoMffkcti.jpg)
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এখন ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত কাংথিলাংছ'ৰ সমীপৱৰ্তী প্লাম ইংতি গাঁৱত অৱস্থিত বিথিলাংছ' চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়নৰ বাবে ৰাইজৰ সৈতে মত বিনিময় কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙে।
মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সভাত ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰিবৰ চেষ্টা কৰিম বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই সভাতেই গণতন্ত্ৰ দিৱসত প্ৰধান মন্ত্ৰীৰ ৰেলীত NCC ৰ কামাণ্ডাৰ হিচাবে অংশগ্ৰহণ কৰা পাৰখোৱাৰ গ্ৰেছী মাৰাকক মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্বি পহ', প্ৰশস্তি পত্ৰ আৰু নগদ ৫০ হেজাৰ টকাৰে সন্মানিত কৰে ।
কাৰ্বি পৰিষদৰ মুখ্য সচিব চিম তাৰ'ই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত পৰিষদৰ মুঠ ৩০ টা বিভাগৰ বিষয় ববীয়াসকল উপস্থিত থাকে। সভাত নমাটি পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহি আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য এলৱিন টেৰণে ভাষণ দিয়ে ।
তুলিৰাম ৰংহাংঙে পৰিষদৰ ৩০ টা বিভাগৰ বিষয়ববীয়াক ৰাইজৰ ওচৰলৈ লৈ আনি ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয়। সভাত হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, বৈঠালাংছ' সমষ্টিৰ বিধায়ক ৰপছিং টেৰণ, সাংসদ অমৰছিং তিছ', কাৰ্যবাহী সদস্যদ্বয় বিলিমোহন খাখলাৰী আৰু ৰিতেশ ইংহি, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ '
আদি উপস্থিত থাকে।