অনিশ্চয়তাত কাৰ্বি পৰিষদৰ দুটা পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বচন...

 কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ দুটাকৈ পৰিষদীয় সমষ্টি ক্ৰমে ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি আৰু ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন অনিশ্চয়তাত ৷

author-image
Asomiya Pratidin
New Update
অনিশ্চয়তাত কাৰ্বি পৰিষদৰ দুটা পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বচন...

ডিজিটেল সংবাদ পশ্চিম কাৰ্বি আংলংঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ দুটাকৈ পৰিষদীয় সমষ্টি ক্ৰমে ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি আৰু ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন অনিশ্চয়তাত ৷

Advertisment

ইয়াৰে হাওৰাঘাটৰ পাৰিষদ অজিত কুমাৰ দে'য়ে বিগত ৭ অক্টোবৰত মৃত্যু হোৱাৰ বিপৰীতে ২০ নং সিংহাসন পাৰিষদীয় সমষ্টিৰ পাৰিষদ অমৰছিং টিছু ডিফু লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ফলত দুয়োখন আসন খালী হৈ আছে।

এই আসন দুখন খালী হৈ থকাৰ ছটা মাহ উকলি যোৱাৰ পাছতো কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাই। এই সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও বিষয় সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰিছে। তেওঁ এইদৰে অনিশ্চয়তা প্ৰকাশ কৰি গোটেই বিষয়টোক জটিলতাৰ মাজলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। 

এই সন্দৰ্ভত তেওঁক কৰা এক প্ৰশ্নৰ উত্তৰত কয়, দুয়ো সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত আমি ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিছো। মাননীয় মুখ্যমন্ত্ৰী ১৭ আৰু ১৮ তাৰিখে ডিফুলৈ আহিব তেতিয়া আমি এই বিষয়ে পুনৰ আলোচনা কৰিম। 

কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ