/asomiyapratidin/media/media_files/2025/04/18/kIeTRQLNwc76pE9NDPJh.jpg)
ডিজিটেল সংবাদ বৈঠালাংছ': ৰাজ্যত ৰঙালী বিহুৰ আনন্দ উল্লাস অব্যাহত থকাৰ মাজতে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিকূল বতৰে বিস্তৰ ক্ষতি কৰাৰ খবৰ পোৱা গৈছে। বিশেষকৈ কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত ধুমুহাৰ তাণ্ডৱত বহু কেইটা বাসগৃহ সম্পূৰ্ণ ৰূপে ধ্বংস হৈছে।
খবৰ অনুসৰি অসম-মেঘালয় সীমান্তৰ উমদাপ গাঁৱত আবেলি অহা এজাক প্ৰচণ্ড ধুমুহাই সীমান্তৱৰ্তী অঞ্চলটোৰ বহু কেইটা বাসগৃহ ধ্বংস কৰাৰ লগতে গছ, গছনি, কৃষি ক্ষেত্ৰত বিস্তৰ ক্ষতি কৰিছে। ইয়াৰে ক্ৰ’, ৰংপি, বে’ উপাধিধাৰী কেইবাজনো ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।
ফলত ধুমুহা বৰষুণৰ মাজতেই কোনো মতে প্ৰাণ ৰক্ষা কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে। ঘৰৰ টিনপাতৰ উপৰিও বেৰ পৰ্যন্ত ধুমুহাই উৰুৱাই নিয়াত কোনোবোটো পৰিয়ালৰ কেৱল ভেঁটিটোহে ৰৈছেগৈ।
ইফালে প্ৰচণ্ড বৰষুণৰ ফলত ঘৰ কেইটাৰ সকলো সামগ্ৰী তথা সম্পদ, খাদ্য সামগ্ৰী আদি নষ্ট হোৱা বুলি জানিব পৰা গৈছে। প্ৰকৃতিৰ এনে ৰুদ্ৰ ৰূপত গৃহহীন হোৱা পৰিয়াল কেইটাৰ হাহাকাৰ ময় পৰিস্থিতিৰ সূচনা হৈছে।