/asomiyapratidin/media/media_files/2025/01/16/j7YjtNZfWi06Oox20LBx.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে আজি ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিয়ে দাখিল কৰিলে এফ আই আৰ। উমৰাংছু আৰক্ষী থানাত ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিৰ সমন্বয়ক ডেনিয়েল লাংথাছাই দাখিল কৰে এই এফ আই আৰ।
এফ আই আৰখনত ডেনিয়েল লাংথাছাই কণিকা হোজাইৰ বিৰুদ্ধে উমৰাংছুৰ তিনিকিলো অঞ্চলত অবৈধ ৰেড হল মাইনিং কাৰ্যত জড়িত থকাৰ অভিযোগ কৰিছে। এই অবৈধ খনন কাৰ্যৰ ফলত নজনৰো অধিক লোকৰ শোকাৱহ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰো ৰেড হল মাইনিঙৰ ওপৰত থকা নিষেধাজ্ঞা ভংগ কৰাৰ অভিযোগ কৰা হৈছে।
ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিয়ে সমিতিয়ে এজাহাৰত কণিকা হোজাইৰ নামত এ এম ডি চিয়ে জাৰী কৰা ট্ৰেঞ্জিত চালানৰ কথা উল্লেখ কৰি এই অবৈধ খননৰ সৈতে তেওঁ জড়িত থকা বুলি দাবী কৰিছে। এফ আই আৰখনত কণিকা হোজাইৰ বিৰুদ্ধে মুঠ ৫ টা গুৰুতৰ অভিযোগ উত্থাপন কৰৈ হৈছে।
সেই অনুসৰি অবৈধ খননৰ ফলত ৯ জনকৈ শ্ৰমিকৰ মৃত্যু, অবৈধ কয়লা খননৰ জৰিয়তে ন্যায়িক নিৰ্দেশনা উলংঘন, পাৰিপাৰ্শ্বিক আৰু সামাজিক ক্ষতি, ৰাজহ ফাঁকি আৰু ক'লা ধনৰ প্ৰসাৰ।
এজাহাৰখনত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ৩০৩, পৰিৱেশ সুৰক্ষা আইন-১৯৮৬, খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন- ১৯৫৭, আৰু বন সংৰক্ষণ আইন ১৯৮০ ৰ অধীনত তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
তাৰোপৰি ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিয়ে মানুহৰ জীৱন আৰু পৰিবেশ দুয়োটাকে বিপদৰ মুখলৈ ঠেলি দিয়া অবৈধ কয়লা খনন শীঘ্ৰেই বন্ধ কৰাৰো দাবী উত্থাপন কৰিছে। মন কৰিবলগীয়া যে, কণিকা হোজাইৰ বিৰুদ্ধে ইতিপূৰ্বে অনুৰূপ অভিযোগেৰে কংগ্ৰেছেও এখন এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বৰঞ্চ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী অবৈধ খননৰ সৈতে জড়িত নহয় বুলিহে মন্তব্য কৰিছে।
উল্লেখ্য যে, আজি মৰিগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত তিনিকিলো অঞ্চলৰ সংঘটিত হোৱা দুৰ্ঘটনা আৰু অবৈধ কয়লাখনন সম্পৰ্কে তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সমিতিয়ে অহা ৩ মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব।